সদনত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাকযুদ্ধ গুৱাহাটী, ১১ ছেপ্তেম্বৰ : অসম বিধান সভাৰ অধিৱেশন বুলিলেই আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাক যুদ্ধ ৷ এক অঘোষিত প্ৰতিযোগিতা চলে দুয়োজন নেতাৰ মাজত ৷ এফালে মুখ্যমন্ত্ৰীক বিৰোধী হিচাবে কেনেকৈ ধৰাশায়ী কৰিব বিৰোধী বিধায়ক অখিল গগৈয়ে ৷ আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও চেষ্টাত থাকে কিদৰে বাক্যবাণেৰে অখিল গগৈক বিধানসভাৰ মজিয়াত মৌন কৰিব পাৰে ৷
সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন ৷ বিধানসভাৰ এই শৰৎকালীন অধিৱেশনতো তাৰ ব্যতিক্ৰম নহ’ল ৷ সোমবাৰেও বিৰোধী অখিল গগৈৰ সৈতে মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ পৰিলক্ষিত হ’ল ৷ অখিল গগৈৰ ওপৰত খৰ্গহস্ত হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী ৷ সদনৰ মজিয়াত লোডশ্বেডিং আৰু দিল্লীত G-20 সন্মিলনত বিহু নৃত্যক বিকৃতকৰণক লৈ ক্ষুৰধাৰ ভূমিকা অখিল গগৈৰ ৷
প্ৰত্যুত্তৰত অখিল গগৈক পিং পং বল আখ্যা মুখ্যমন্ত্ৰীৰ ৷ যিকোনো বিষয়ত জঁপিয়াই নপৰি প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ ওচৰত টিউচন ল’বলৈও ক'লে অখিল গগৈক ৷ মুখ্যমন্ত্ৰীয়ে অখিল গগৈক উদ্দেশ্যি ক’লে তেওঁ নিজেই শিকাব সদনত কেনেদৰে ৩ মিনিটত কথা শেষ কৰিব লাগে ৷
মুখ্যমন্ত্ৰীয়ে উদাহৰণ দিলে কিদৰে সংসদত ৩ মিনিট কথা কৈ কঁপনি তুলিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰে ৷ উদাহৰণ দিলে অসমৰ ইতিহাসৰ সমুজ্জ্বল সাংসদ হেম বৰুৱাৰো ৷ আনহাতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তৰল ৰাজনীতি কৰা বুলি সদনতে অভিযোগ আনে অখিল গগৈয়ে ৷ গাঁৱৰ মানুহেও এনে সুবিধা পাব লাগে বুলি ক’লেও মুখ্যমন্ত্ৰীয়ে সেয়া তুলনা কৰি ম্লান পেলায় বুলি মন্তব্য অখিল গগৈৰ ৷ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে অখিল গগৈক কটাক্ষ কৰি কয় যে এজনৰ গাতেই কিয় খজুৱতি লাগে ? বাকী ১২৫জনৰ গাত নালাগে কিয় ?
লগতে পঢ়ক :Assam Assembly Autumn Session : ২৩ বছৰত অসমৰ পৰা মাত্ৰ ৩১০০ বিদেশী বহিষ্কাৰ