অসম

assam

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:53 PM IST

ETV Bharat / state

Akhil Gogoi on Apex Bank Scam : এপেক্স বেংকৰ পৰিচালন সঞ্চালকেই জনাইছিল 20 কোটি ঋণৰ অনুমোদন: অখিল গগৈ

এপেক্স বেংকৰ ভয়ংকৰ কেলেংকাৰী সন্দৰ্ভত সংবাদমেল সম্বোধন অখিল গগৈৰ । ৰাজেশ বাজাজ নামৰ বিতৰ্কিত ব্যৱসায়ীজনৰ বৃহৎ পৰিমানৰ ঋণৰ বাবে বেংকটোৰ পৰিচালন সঞ্চালকে অনুমোদন জনোৱাৰ প্ৰমাণ অখিল গগৈৰ হাতত থকাৰ দাবী ৷

Akhil Gogoi on Apex Bank Scam
এপেক্স বেংকৰ কেলেংকাৰী

গুৱাহাটী, 18 অক্টোবৰ: বুধবাৰে গুৱাহাটীৰ নিজৰাপাৰস্থিত নিজ বাসভৱনত সংবাদমেল সম্বোধন কৰে বিধায়ক অখিল গগৈয়ে ৷ সংবাদমেলত বিধায়কগৰাকীয়ে কয়, ‘‘এপেক্স বেংকৰ পৰা ৰাজেশ বাজাজ নামৰ এগৰাকী ব্যক্তিয়ে 20 কোটি 30 লাখ টকা উলিয়াই নিয়া বুলি বাতৰি প্ৰকাশ পাইছিল । সেই সম্পৰ্কে আমি ৰাইজৰ দলে তদন্ত আৰম্ভ কৰিছিলোঁ । এপেক্স বেংকটো অসমৰ মানুহৰ বুকুৰ কুটম বেংক । এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে ঘোষণা কৰা অনুসৰি বেংকৰ ধন DBP পদ্ধতিৰে ধন দিয়া হৈছিল ।’’

বিধায়ক গগৈয়ে লগতে কয়, ‘‘এই কেলেংকাৰীৰ ক্ষেত্ৰত কেৱল দিছপুৰৰ ব্ৰাঞ্চ মেনেজাৰজনক দায়ী বুলি উল্লেখ কৰা হৈছে । কিন্তু এই লোনৰ বাবে বেংকটোৰ পৰিচালন সঞ্চালকে অনুমোদন জনোৱাৰ তথ্য আমাৰ হাতত আছে । কেৱল 20 কোটি 30 লাখ টকাই নহয়, আগতেও DBP কৰি এপেক্স বেংকৰ পৰা ধন লৈছিল ৰাজেশ বাজাজে ।’’

আনহাতে বিজয় মালিয়া, নীৰৱ মোদীতকৈও এই কেলেংকাৰী ভয়ানক বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ লগতে তেওঁ কয় য়ে এই টকা উলিয়াই নিয়াৰ বাবে বেংকৰ অধ্যক্ষজনেই লিখিত দিছিল । ইয়াৰোপৰি এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়া এই ঘটনাত প্ৰত্যক্ষভাৱে জড়িত আছে বুলি অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে । আনহাতে ইয়াত কেৱল দিছপুৰ ব্ৰাঞ্চৰ মেনেজাৰ জড়িত থকা নাই বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় য়ে ইয়াত বেংকৰ উৰ্ধতন কৰ্তৃপক্ষও জড়িত আছে ৷

গগৈয়ে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি DBP পদ্ধতিৰে টকা দিব নোৱাৰে । দিছপুৰ আৰু পানবজাৰ ব্ৰাঞ্চৰ পৰা যদি কোনোৱে ব্যৱসায়িক ধন ল’বলৈ বিচাৰে তেন্তে ১৫ লাখ টকাহে ল'ব পাৰে । গগৈয়ে লগতে কয়,‘‘বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকন জড়িত এই কেলেংকাৰীত । পৰিচালন সঞ্চালক, মেনেজাৰক এই কাম কৰিবলৈ কৈছিল অধ্যক্ষ ফুকনে ।’’ সমগ্ৰ ঘটনাৰ বাবে CBI ৰ তদন্তৰ দাবী জনাইছে ৰাইজৰ দলে । তদুপৰি বিশ্বজিত ফুকনকো প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ ।

লগতে পঢ়ক:Apex Bank Fraud : বিতৰ্কিত ৰাজেশ বাজাজে লোৱা ২০ কোটিৰ ঋণৰ তদন্তৰ দাবী বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details