মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক অখিল গগৈৰ গুৱাহাটী, 12 জানুৱাৰী : “ড৹ হীৰেন গোঁহাইৰ প্ৰতি কটু মন্তব্য কৰি শ্লীলতাৰ সকলো সীমা পাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এয়া কেৱল হীৰেন গোঁহাইকে নহয়, সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান ৷ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে ৷” এই মন্তব্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷
CAA আন্দোলন প্ৰসংগত বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেন গোহাঁইক সমালোচনা কৰিবলৈ গৈ শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যই ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে ৷ মুখ্যমন্ত্ৰীয়গৰাকীয়ে কৈছিল—“হীৰেন গোঁহাইৰ দৰে ডুপ্লিকেট মাল মই আজিলৈ দেখাই নাই ৷ হীৰেন গোহাঁইৰ নেতৃত্বত আন্দোলন হʼব বুলি নাভাৱো ৷... অখিল গগৈ, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, যুৱ ছাত্ৰ পৰিষদে আন্দোলন কৰিব, কিন্তু হীৰেন গোহাঁয়ে আন্দোলন কৰা মই মোৰ জীৱন কালত 55 বছৰে দেখা নাই ৷” মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ এতিয়া চৌদিশে বিতৰ্ক আৰম্ভ হৈছে ৷ ড৹ গোঁহাইৰ নীতিৰ সমৰ্থক সকলৰ দ্বাৰা সমালোচিত হৈছে মুখ্যমন্ত্ৰী ৷
এই প্ৰসংগত অখিল গগৈয়ে লগতে কয় “কেৱল হীৰেন গোঁহাইৰ দৰে এজন বিদগ্ধ পণ্ডিতকেই নহয়, এগৰাকী মুখ্যমন্ত্ৰীয়ে যি কোনো ব্যক্তিকে সন্মান সহকাৰে কথা কোৱা উচিত ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে নিজৰ মতাদৰ্শৰ লগত মিল নথকাৰ বাবেই হীৰেন গোহাঁইৰ দৰে এজন বৰেণ্য ব্যক্তিক এইদৰে অভব্য আচৰণ কৰিছে ৷ এই আচৰণৰ দ্বাৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰীজন যে অ-সংস্কৃত ব্যক্তি তাক প্ৰমাণ কৰি দিছে ৷ সেয়েহে তেঁও কেৱল তেখেতৰ ওচৰতে নহয়, অসমবাসীৰ ওচৰত ক্ষমা বিচৰা উচিত ৷”
ৰাইজৰ দলৰ সভাপতিজনে পুনৰ কয় "পাগলামি যাতে মুখ্যমন্ত্ৰীয়ে নকৰে, মুখ্যমন্ত্ৰীৰ ভাষা যাতে ৰাস্তাৰ গুণ্ডাৰ ভাষা নহয় ৷ অসমৰ মুখ্যমন্ত্ৰীজনে এনেধৰণৰ অশ্ৰাব্য, অভদ্ৰ বক্তব্যৰ জৰিয়তে কেৱল ড৹ হীৰেন গোহাঁইক অপমান কৰা নাই, সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিছে ৷ বিহুৰ সময়ত এনেদৰে হীৰেন গোহাঁই আৰু সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰাৰ বাবে তেওঁ সাষ্টাংগে প্ৰণিপাত কৰি ক্ষমা খোজা দৰকাৰ ৷" উল্লেখ্য যে, কেৱল অখিল গগৈয়েই নহয়, বিভিন্ন ব্যক্তি আৰু দল-সংগঠনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই প্ৰসংগত সমালোচনাত মুখৰ হৈ পৰিছে ৷
লগতে পঢ়ক :শিষ্টাচাৰ নাজানে মুখ্যমন্ত্ৰীয়ে; বিধায়ক অখিল গগৈ