গুৱাহাটী, 28 ফেব্ৰুৱাৰী : ‘‘প্ৰফুল্ল মহন্তই যেনেদৰে গুপ্তহত্যা কৰি অসমীয়া যুৱকৰ ওপৰত অত্যাচাৰ চলাইছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অসমত মুকলি হত্যালীলা আৰম্ভ কৰিছে । আদালত-সংবিধানক ভৰিৰে মোহাৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত 62 গৰাকী লোকক হত্যা কৰা হৈছে ৷’’ মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi criticized Assam CM) ৷
লগতে তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কু-কৰ্মৰ শিক্ষা এদিন পাব ৷ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত আৰক্ষীয়ে অপৰাধী বুলি গণ্য কৰা লোকক নিশাৰ আন্ধাৰত লৈ গৈ গুলীয়াই মাৰে । এয়া বিজেপি চৰকাৰৰ আইন । ওদালগুৰি ঘটনটো এটা উদাহৰণহে মাত্ৰ’’ ।
তেওঁ আৰু কয়, ‘‘শেহতীয়াকৈ ৰৌতাত আৰক্ষীয়ে ডিম্বেশ্বৰ মুছাহাৰী নামৰ ব্যক্তি এজনক এনকাউন্টাৰত হত্যা কৰিছে (Rowta Police Encounter) । আৰক্ষীয়ে কেনাৰাম বড়ো নামৰ দুধৰ্ষ ডকাইত এজনক হত্যা কৰা বুলি প্ৰচাৰ কৰিছিল ৷ কিন্তু সেয়া ডিম্বেশ্বৰ মুছাহাৰীহে বুলি পৰিয়ালৰ লোকে চিহ্নিত কৰিলে । আচৰিত ধৰণে এই নৃশংস ঘটনাক ন্যায্যতা দিবলৈ মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ একাংশ মন্ত্ৰী-বিষয়া উঠি পৰি লগিছে । এই ঘটনাই প্ৰমাণ কৰিছে যে, ইয়াৰ আঁৰত চৰকাৰৰ প্ৰত্যক্ষ হাত আছে’’ ।