অসম

assam

ETV Bharat / state

Encounter in Assam: ধাৰাবাহিক এনকাউণ্টাৰৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য - Police shot suspected ULFA I linkman

ৰাজ্যত শেহতীয়াকৈ হোৱা এনকাউণ্টাৰৰ সন্দৰ্কভত মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে (Encounter in Assam) ৷ অখিল গগৈয়ে মন্তব্য কৰে যে, প্ৰফুল্ল মহন্তৰ চৰকাৰৰ দিনত হোৱা গুপ্তহত্যাৰ দৰেই বিজেপি চৰকাৰৰ দিনত মুক্তহত্যা চলি আছে ৷ এই মুক্তহত্যাকেই ‘ভুৱা এনকাউণ্টাৰ’ আখ্যা দিলে বিধায়কগৰাকীয়ে ৷

Encounter in Assam
ধাৰাবাহিক এনকাউণ্টাৰৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য

By

Published : Apr 10, 2022, 9:58 PM IST

গুৱাহাটী, ১০ এপ্ৰিল: "হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত আস্থা নোহোৱা হ’ল । আইন-আদালতৰ প্ৰয়োজন নোহোৱা কৰি হিমন্তই সকলো গণতান্ত্ৰিক ব্যৱস্থা হত্যা কৰি মুক্তহত্যা আৰম্ভ কৰিছে ৷’’ এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ । অসমত ভুৱা এনকাউণ্টাৰৰ সংখ্যা সাংঘাতিক বৃদ্ধি হৈছে (Encounter in Assam)।

শিৱসাগৰৰ বিধায়কগৰাকীয়ে লগতে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত শিৱসাগৰৰ সুৰুজ গগৈকে ধৰি ৪৩ জন অভিযুক্ত আৰক্ষী এনকাউণ্টাৰত মৃত্যু হৈছে (Police encounter victim died)৷ এনেদৰে ভুৱা এনকাউণ্টাৰত আহত সংখ্যা এই পয্যন্ত শতাধিক । বহু মানুহে ভুৱা এনকাউণ্টাৰৰ ভয়াৱহতা বুজি উঠা নাই ।

আলফাৰ লিংকমেনৰ অভিযোগত শিৱসাগৰৰ বেতবাৰী চাংমাই গাঁৱৰ সুৰুজ গগৈ আৰক্ষী এনকাউণ্টাৰত মৃত্যু হোৱা ঘটনাৰ চিবিআই তদন্ত দাবী কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ।

ধাৰাবাহিক এনকাউণ্টাৰৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য

চৰাইদেউ জিলাৰ সোনাৰী আৰক্ষী জিম্মাত গুলীবিদ্ধ হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা সুৰুজে চিকিৎসাধীন অৱস্থাত পৰিয়ালক অৱগত কৰা এনকাউণ্টাৰৰ ভয়াৱহ বৰ্ণনা শিৱসাগৰৰ বিধায়ক গগৈয়ে সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰে ।

পৰিয়ালে দিয়া বিৱৰণ মতে, বেতবাৰীৰ ৩৪ বছৰীয়া সুৰুজে শিলৰ ব্যৱসায় কৰাৰ বাবে সোণাৰিৰ নামতোলাত আছিল । বিগত ৩ মাৰ্চৰ পুৱা সোণাৰি নামতোলাৰ এখন হোটেলত চাহখাই থকাৰ সময়তে অসম ৰাইফলছৰ এটা বাহিনীয়ে সুৰুজ গগৈক উঠাই লৈ যায় । দিনটো অসম ৰাইফলছৰ কেম্পত উলংগ কৰি হাত-ভৰি বান্ধি অত্যাচাৰ কৰা হয় সুৰুজক ।

নিশা প্ৰায় ১০ বজাত সোনাৰী আৰক্ষী থানাক গতাই দিয়ে সুৰুজক (Suraj Gogoi encounter)। সেইদিনা নিশাই ২-২.৩০ বজাত সোনাৰী আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ নিয়ে ৷ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ নি থকাৰ সময়তে এখন বাগানৰ মাজৰে লৈ যোৱা গাড়ীখন এগৰাকী কনিষ্টবলে প্ৰস্ৰাৱ কৰাৰ বাবে ৰখায় । কনিষ্টবলগৰাকীয়ে প্ৰস্ৰাৱ কৰিবলৈ যায় আৰু সুৰুজ গগৈকো প্ৰসাৱ কৰি ল’বলৈ কয় ।

হেণ্ডকাফ লাগি থকা অৱস্থাতে সুৰুজে প্ৰস্ৰাৱ কৰি থকাৰ সময়তে উপ-পৰিদৰ্শক ইমৰান হুছেইনে শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰে । সুৰুজে কিয় গুলী কৰিলে বুলি আপত্তি কৰাত পুনৰ এগৰাকীয়ে মোবাইলৰ টৰ্চ জ্বলাই দেখুৱাই দিয়ে আৰু দ্বিতীয়তো গুলী মাৰে সুৰুজৰ ভৰিত (Police shot suspected ULFA I linkman)।

ইফালে গুলীবিদ্ধ সুৰুজক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় আৰক্ষীয়ে । ডাঃ হিমজিৎ দাসৰ প্ৰচেষ্টাত দীঘলীয়া চিকিৎসাৰ অন্তত অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈ সুস্থ হৈ উঠিছিল সুৰুজ । তাৰ মাজতে ৰহস্যজনকভাৱে চিকিৎসকগৰাকী বদলি হয় । আনহাতে সুস্থ হৈ উঠা সুৰুজক চৰাইদেউ জিলাৰ এগৰাকী আৰক্ষী বিষয়াই উকা কাগজত স্বাক্ষৰ কৰিবলৈ ধমকি দিয়া বুলিও পৰিয়ালে অৱগত কৰে ৰাইজৰ দলক ।

প্ৰায় সুস্থ হৈ উঠা সুৰুজ ৰহস্যজনকভাৱে পুনৰ ৫ এপ্ৰিলত অসুস্থ হৈ পৰে । মুখেৰে ফেন ওলায় আৰু নিশালৈ মৃত্যু হয় । গুৱাহাটী নিজৰাপাৰৰ বাসগৃহত দেওবাৰে সংবাদমেল সম্বোধন কৰি সুৰুজৰ পৰিয়ালে দিয়া এই মৰ্মান্তিক বৰ্ণনা ৰাজহুৱা কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক:বিলাসীপাৰাত এনকাউন্টাৰত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details