অসম

assam

ETV Bharat / state

Akhil Gogoi: ইচ্ছ্যু ডাইভাৰ্ট কৰিবলৈ হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছে বিজেপিয়ে; অখিল গগৈ - MLA Akhil Gogoi appears before NIA court

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হ’ল বিধায়ক অখিল গগৈ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাকলৈয়ো মন্তব্য বিধায়কগৰাকীৰ ৷ শনিবাৰে NIA আদালতত হাজিৰ হ’ল বিধায়ক গগৈ ৷

Akhil Gogoi
Akhil Gogoi

By

Published : Jul 15, 2023, 5:49 PM IST

হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু আজমল চাচা হৈছে মুছলমানৰ চৰ্দাৰ

গুৱাহাটী, ১৫ জুলাই: হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু আজমল চাচা হৈছে মুছলমানৰ চৰ্দাৰ ৷ এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ । শনিবাৰে NIA আদালতত হাজিৰ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মা আৰু আজমল দুয়োগৰাকী সাম্প্ৰদায়িক চৰ্দাৰৰ কথাত জনগনক ভুল নাজাবলৈ হাতযোৰ কৰি আহ্বান জনায় অখিল গগৈয়ে ।

অখিল গগৈয়ে দামবৃদ্ধি প্ৰসংগত কয় যে, ‘‘বিজেপিৰ প্ৰতি মানুহৰ মোহ ভংগ হোৱাৰ কথা আৰু বিজেপিৰ আভ্যন্তৰীণ কন্দলৰ প্ৰসংগৰ পৰা মানুহক আতঁৰাই ৰখাৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি, হিন্দু-মুছলমানৰ ৰাজনীতি ।’’

ইফালে তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নিৰ্বাচনী আয়োগৰ শুনানি সম্পৰ্কে কয়, ‘‘আয়োগে সৰু সৰু ৰাজনৈতিক দলসমূহক শুনানিত অংশ ল’বলৈ নিমন্ত্ৰণ কৰা নাই, ৰাইজৰ দলক মতা নাই, AJPক মতা নাই । স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক মাতিছে নিৰ্বাচন আয়োগে । জাতীয় দল-সংগঠনসমূহকো বিষয়টোৰ পৰা আঁতৰাই ৰাখিছে । নিৰ্বাচন আয়োগে এটাৰ পিচত আন এটা নীতি-নিয়ম ভংগ কৰিছে ।’’

সমষ্টি পুনৰ নিৰ্ধাৰণ ক্ষেত্ৰত অদ্ভুত, অ-সাংবিধানিক সিদ্ধান্ত নিৰ্বাচন আয়োগে লৈছে বুলিও মন্তব্য অখিল গগৈৰ ৷ ইফালে আছুক সমালোচনা কৰি বিধায়ক গগৈয়ে কয়, ‘‘খিলঞ্জীয়াৰ হৈ সদায় মাত মতা আছুৱে খিলঞ্জীয়াৰ পক্ষত কিয় মাত মতা নাই ? জাতি-জনগোষ্ঠীৰ সমস্যাৰ হৈ কিয় মাত মতা নাই আছুৱে ।’’ জাতি-জনগোষ্ঠীৰ প্ৰতি আছুৰ দায়বদ্ধতা নাই নেকি বুলি আছুক প্ৰশ্ন অখিল গগৈৰ ।

উল্লেখ্য যে শনিবাৰে পুনৰ NIA আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈ ৷ অখিল গগৈৰ লগতে বিতু সোণোৱাল, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰো হাজিৰ হয় আদালতত ৷ NIA আদালতে আটাইকেইগৰাকীৰ বিৰুদ্ধে প্ৰথম অৱস্থাত খাৰিজ কৰিছিল গোচৰ । ইয়াৰ পিচত NIAয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ চলাবলৈ পুনৰ আৱেদন কৰিছিল উচ্চ ন্যায়ালয়ত ৷

এই আৱেদনমৰ্মে দ্বিতীয়বাৰৰ বাবে অখিল গগৈ আৰু তিনি সতীৰ্থৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ চলিবনে নাই এই সন্দৰ্ভত বিবেচনাধীন হৈ আছে NIA আদালতত । ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ ক্ষেত্ৰত পুনৰ চার্জ ফ্ৰেম হ'ব লাগে নে নাই সেই সন্দৰ্ভত শুনানি আৰম্ভ হৈছে NIA আদালতত ।

লগতে পঢ়ক:Constituency Delimitation: আছুৰ কথাৰ কোনো মূল্য নাই; ড৹ হীৰেণ গোহাঁই

ABOUT THE AUTHOR

...view details