গুৱাহাটী, ২১ ডিচেম্বৰ:অসমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চিণ্ডিকেট চলি আছে । এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ । অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনাও অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰা হয়(MLA Akhil Gogoi Suspended from Assembly) । বহিস্কাৰ হোৱাৰ পাছত বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনে(Assam CM Himanta Biswa Sarma) ।
তেওঁ কয়- "এইখন চৰকাৰৰ দিনত যে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ধ্বংস হৈ গৈছে তাক প্ৰতিপন্ন কৰাৰ সবিশেষ তথ্য মোৰ ওচৰত আছে আৰু সদনত ইয়াক উত্থাপন কৰিব বিচাৰিছিলো । গুৱাহাটীৰ মাজমজিয়াৰ ডকাইতিৰ পৰা ৰঞ্জিত বৰাৰ হত্যাকাণ্ডকে ধৰি সমস্ত আইন-শৃংখলা পৰিস্থিতিৰ ক্ষেত্রত এইখন চৰকাৰৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । এই কথা সভাস্থগিত প্ৰস্তাৱ আনি সদনত তথ্য সহকাৰে প্ৰতিপন্ন কৰিব বিচাৰিছিলো । কিন্তু দিয়া নহ'ল ।"
তেওঁ লগতে কয় যে, অপৰাধৰ ক্ষেত্রত অসম ভাৰতৰ ভিতৰতে এক নম্বৰত আছে । ইফালে মাৰ্ঘেৰিটা, লিডু আদিত কয়লা চিণ্ডিকেট চলি আছে বুলি অভিযোগ কৰি তেওঁ কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নামত ৰাজ্যত চিণ্ডিকেট চলি আছে । এখন এখন কয়লাভৰ্তি ট্ৰাকৰ পৰা মুখ্যমন্ত্রীৰ নামত ৭৫ হাজাৰ টকাকৈ চিণ্ডিকেটৰ ধন সংগ্ৰহ কৰা হয় বুলি সদৰী কৰি তেওঁ কয় যে লিডু আৰু মাৰ্ঘেৰিটাৰ পৰা দৈনিক ৪০০-৫০০ ট্ৰাকৰ যোগেদি কয়লাৰ লুণ্ঠন চলাই থকা হৈছে ।