নিউজ ডেস্ক, 28 ডিচেম্বৰ : মিজোৰামৰ জৰুৰীকালীন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱসত এখন মুখপত্ৰ উন্মোচন কৰে জৰুৰীকালীন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সঞ্চালক চি. লালথানমবিয়াই ৷
এম. পি. এছে কয় যে, 1972 চনৰ 1 চেপ্টেম্বৰত অসমৰ 14 জন অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীক লৈ আইজল অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰতিষ্ঠা কৰা হৈছিল ৷ মিজোৰামৰ অগ্নি নিৰ্বাপক বাহিনী 1992 চনৰ 17 আগষ্টত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এক শাখা হিচাপে স্থাপন কৰা হৈছিল ৷ যাৰ পাছতে 2008 চনত গৃহ বিভাগৰ অধীনত পুৰ্ণাংগ ৰূপে নিৰ্দেশালয় স্থাপন কৰা হয় ৷ মিজোৰামত বৰ্তমান 14 টাকৈ অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ আছে ৷ যাৰ ভিতৰত পাঁচটাকৈ কেন্দ্ৰ কেৱল ৰাজধানী আইজলতে আছে ৷ তদুপৰি আইজলৰ বিভিন্ন স্থানত 43 টাকৈ ফায়াৰ হাইড্ৰেট্স আছে ৷