অসম

assam

ETV Bharat / state

অসম আৰক্ষীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ মিজোৰামৰ - Assam Police

এক নতুন মোৰ লৈছে অসম-মিজোৰাম সীমা বিবাদে ৷ মিজোৰামৰ পৰা নিৰ্মাণ সামগ্ৰী চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে অসম আৰক্ষীৰ জোৱানৰ বিৰুদ্ধে ৷

Mizoram files case against Assam Police for alleged theft of construction materials
অসম আৰক্ষীক চোৰ সজালে মিজোৰামে

By

Published : Aug 22, 2021, 8:48 PM IST

নিউজ ডেস্ক, 22 আগষ্ট :অসম-মিজোৰাম সীমা বিবাদে সম্প্ৰতি এক নতুন মোৰ লৈছে ৷ শেহতীয়াকৈ, নিৰ্মাণ সামগ্ৰী চুৰি কৰাৰ অভিযোগত অসম আৰক্ষীৰ জোৱানৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে । কোলাচিব জিলাৰ উপায়ুক্তই অসমৰ হাইলাকান্দি জিলাৰ প্ৰশাসনলৈ এই ক্ষেত্ৰত এক পত্ৰ প্ৰেৰণ কৰিছে ৷

কোলাচিব জিলাৰ উপায়ুক্তৰ পত্ৰ

এক পত্ৰযোগে তেওঁ অভিযোগ কৰিছে যে, ২০ আগষ্ট ২০২১ তাৰিখে কৰ্তব্যৰত অসম আৰক্ষীয়ে মিজোৰামৰ জোফাই অঞ্চলত প্ৰৱেশ কৰিছিল ৷ আৰক্ষীয়ে নিৰ্মীয়মান এখন দলঙৰ পৰা কিছু নিৰ্মাণ সামগ্ৰী চুৰি কৰিছিল ।

য'ত মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী পু চি চুংগা মালিকানাধীন ধানৰ পথাৰৰ সৈতে মুখ্য পথৰ সংযোগৰ বাবে এখন দলং নিৰ্মাণৰ কাম হাতত লোৱা হৈছে । অসম আৰক্ষীয়ে সেই স্থানত শ্ৰমিকসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল ৷ আনহে নালাগে পত্ৰখনত লোহাৰ ৰডৰ টুকুৰাসহ কিছুমান নিৰ্মাণ সামগ্ৰী চুৰি কৰাৰো অভিযোগ উত্থাপিত হৈছিল অসম আৰক্ষীৰ বিৰুদ্ধে ৷

অৱশ্যে হাইলাকান্দি জিলাৰ উপায়ুক্তক এই ঘটনাক সীমাৰ সমস্যা হিচাপে বিবেচনা নকৰিবলৈ আহ্বান জনায় কোলাচিবৰ উপায়ুক্তই ৷ পত্ৰখনত তেওঁ উল্লেখ কৰে যে, বৈৰাবাৰী আৰক্ষী থানাত অসম আৰক্ষীৰ জোৱানসকলৰ বিৰুদ্ধে নিৰ্মাণ সামগ্ৰী চুৰিৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু কৰা হৈছে । এই সন্দৰ্ভত তেওঁ পুনৰ কয় যে, তেওঁ বিচাৰে যে এই ঘটনাটো সীমাৰ সমস্যা বুলি গণ্য কৰা নহওক ৷

লগতে পঢ়ক :অসম চৰকাৰৰ বিজ্ঞাপনত দাক্ষিণাত্যৰ সুৰ : আৰম্ভ হৈছে বিতৰ্ক

ABOUT THE AUTHOR

...view details