অসম

assam

By

Published : Jan 17, 2023, 3:45 PM IST

Updated : Jan 17, 2023, 7:26 PM IST

ETV Bharat / state

Shilpi Divas advertisement controversy : ৰূপকোঁৱৰৰ মৃত্যুদিনটোক জন্মদিন ৰূপে মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

‘‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আজি মৃত্যু বাৰ্ষিকী নে জন্ম বাৰ্ষিকী’’ - সেই বিষয়ে জ্ঞাত নহয় ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগ ৷ কিয়নো আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুদিনক জন্মদিন হিচাবে ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগে বিজ্ঞাপন দিছে (Shilpi Divas advertisement controversy) ৷ এই লৈ বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Shilpi Divas advertisement controversy
ৰূপকোঁৱৰৰ মৃত্যুদিনটোক জন্মদিন হিচাবে অভিহিত কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ১৭ জানুৱাৰী :আজি শিল্পী দিৱস (Shilpi Divas 2023)৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী (71st Silpi Divas) । ৰাজ্যবাসীয়ে অতি শ্ৰদ্ধাৰে শিল্পী দিৱস পালন কৰি ৰূপান্তৰৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৷ কিন্তু ৰূপকোঁৱৰৰ মৃত্যুদিনটোক জন্মদিন হিচাবে অভিহিত কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Shilpi Divas advertisement controversy) ৷

তাকো অসমৰ বাতৰি কাকতসমূহত জ্যোতিপ্ৰসাদৰ মৃত্যুদিনক জন্মদিন হিচাবে মুখ্যমন্ত্ৰীৰ হৈ বিজ্ঞাপন দিলে তথ্য আৰু জনসংযোগ বিভাগে ৷ এককথাত এজন শ্ৰেষ্ঠ অসমীয়া ৰূপকোঁৱৰৰ মৃত্যুদিনটোক জন্মদিন হিচাবে শ্ৰদ্ধা জ্ঞাপন কৰি বিজ্ঞাপন দিয়ালে ৰাজ্যৰ খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

১৯০৩ চনৰ ২ জুলাইত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ওপজিছিল আৰু ১৯৫১ চনৰ ১৭ জানুৱাৰীত ৰূপকোঁৱৰে শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ সকলোৱে জনা কথা এয়া ৷ সমগ্ৰ অসমে প্ৰতি বছৰে তেখেতৰ মৃত্যুৰ দিনটো শিল্পী দিৱসৰূপে পালন কৰি আহিছে (Assam observes Shilpi Divas) ৷

এইবাৰ অসম চৰকাৰেসাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাটত যথেষ্ঠ আড়ম্বৰপূৰ্ণভাৱে শিল্পী দিৱস আয়োজন কৰে ৷ এই অনুষ্ঠানত ৰাজ্যৰ দুই বিশিষ্ট সংগীত শিল্পী ৰাজেন গোঁহাই আৰু পখিলা লেকথেপীক “2023 বৰ্ষৰ সন্মানীয় শিল্পী” বঁটা প্ৰদান কৰিব (Shilpi award 2023) ৷ এই দুই শিল্পীৰ লগতে ৰাজ্যৰ আন চাৰিগৰাকী বিশিষ্ট লোককো কেইবাটাও বঁটা আগবঢ়োৱা হ’ব এই অনুষ্ঠানতে ৷

এই অনুষ্ঠানক লৈ কেইবাখনো বাতৰি কাকতত আজি শিল্পী দিৱসৰ দিনটোত সম্পূৰ্ণ পৃষ্ঠাত বিজ্ঞাপনো দিছে ৷ এই বিজ্ঞাপনত কেৱল শিল্পী দিৱস ৰূপেই উল্লেখ কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে ৷ আনহাতে, অসমৰ প্ৰায়বোৰ বাতৰি কাকততে আন এটা বিজ্ঞাপন প্ৰকাশ পাইছে আজি শিল্পী দিৱস উপলক্ষ্যে ৷

লগতে পঢ়ক :Pranab Barua Shilpi Award 2022 : চিত্রশিল্পী কিৰণ শংকৰলৈ ২০২২ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা

এইটো বিজ্ঞাপনযোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৷ মুখ্যমন্ত্ৰীৰ হৈ এইটো বিজ্ঞাপনো তথ্য আৰু জনসংযোগ বিভাগেই প্ৰচাৰ কৰিছে ৷ এই শ্ৰদ্ধাঞ্জলিৰ বিজ্ঞাপনত মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধা জ্ঞাপন কৰিছে এইদৰে - “ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনত সুন্দৰৰ পূজাৰীগৰাকীলৈ অসমবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ’’ ৷

ৰূপকোঁৱৰৰ মৃত্যদিনটো জন্মদিন হিচাপে উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰীৰ এই বিজ্ঞাপনত ৷ অসমবাসীৰ হৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভুল তথ্যৰে শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ সমাজিক মাধ্যমতো বিষয়টো লৈ বহু লোক সমালোচনা আৰু শ্লেষত মুখৰ হৈ পৰে ৷ কাৰ ভুলৰ বাবে এই গুৰুতৰ ভুল হ’বলৈ পালে ? এই লৈয়ো উঠিছে প্ৰশ্নৰ ৷

বিয়াগোম বিষয়া আৰু কৰ্মচাৰীৰে ভৰি থকা জনসংযোগ বিভাগৰ দ্বাৰা কিদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নামত এনে এটা ভয়ংকৰ ভুলেৰে বিজ্ঞাপন ৰাজ্যৰ প্ৰায় আটাইবোৰ বাতৰি কাকতত প্ৰকাশিত হ’বলৈ পালে ? ৰূপকোঁৱৰৰ দৰে এজন মহান অসমীয়াক লৈ কিদৰে তথ্য আৰু জনসংযোগ বিভাগে ল’ৰা-ধেমালি কৰি মৃত্যুদিনটোক জন্মদিন বুলি উল্লেখ কৰি ইমান দায়িত্বহীনতাৰ পৰিচয় দিব পাৰে ! তাক লৈয়ো প্ৰশ্নৰ উত্থাপন হৈছে ৷

এই ভুলৰ দায়িত্ব লৈ এতিয়া অসমবাসীৰ ওচৰত ক্ষমা খুজিব কোনে ? অৱশ্যে মুখ্যমন্ত্ৰীৰ হৈ প্ৰচাৰ কৰা বিজ্ঞাপনটোৰ এনে ভুলে জনসংযোগ বিভাগত হাহাকাৰ সৃষ্টি কৰিছে । এই ভুল বিজ্ঞাপনৰ বাবে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিচত গা লৰিছে বিভাগটোৰ শীৰ্ষ বিষয়াৰ ।

এই বিজ্ঞাপন প্ৰস্তুত কৰাৰ দ্বায়িত্বত থকা বিভা কলিতা নামৰ এগৰাকী বিষয়া আৰু আন এগৰাকী জনসংযোগৰ কৰ্মচাৰীক ইতিমধ্যেই কাৰণ দৰ্শোৱাৰ জাননী দিছে বিভাগীয়ভাৱে ।

লগতে পঢ়ক :Assam observes Shilpi Divas: পকীত ৰূপকোঁৱৰক সুঁৱৰি শিল্পী দিৱস পালন

Last Updated : Jan 17, 2023, 7:26 PM IST

ABOUT THE AUTHOR

...view details