অসম

assam

By

Published : Oct 24, 2021, 7:57 PM IST

ETV Bharat / state

মিছন বসুন্ধৰাৰ জনপ্ৰিয়তা বৃদ্ধি : দৈনিক গড়ে প্ৰায় দুই হাজাৰ লোকৰ আবেদন

ৰাজ্যৰ শাসনভাৰ গ্ৰহণৰ কৰিয়েই দুৰ্নীতিমুক্ত অসম গঢ়াৰ সংকল্প লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই উদ্দেশ্যৰে মুখ্যমন্ত্ৰী শৰ্মাই মাটি-বাৰী সংক্ৰান্তীয় পূৰ্বৰ সকলো জটিলতাৰ সৰলীকৰণৰ বাবে আৰু দালালৰাজ বন্ধ কৰাৰ লক্ষ্যৰে চৰকাৰে 'মিছন বসুন্ধৰা’ নামৰ আঁচনিখন গ্ৰহণ কৰিছিল ।

Mission Vasundhara
দৈনিক গড়ে প্ৰায় দুই হাজাৰ লোকৰ আবেদন

গুৱাহাটী, ২৪ অক্টোবৰ :মাটি-বাৰী সম্পৰ্কীয় সমস্যাৰ সমাধানৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে মুকলি কৰা 'মিছন বসুন্ধৰা' আঁচনিত দেওবাৰে দিনৰ ১ বজালৈ ৪৫,৪৯১ গৰাকী আবেদনকাৰীয়ে আবেদন কৰিছে । ইয়াৰে ৩,৩১৮ খন আবেদনৰ বিপৰীতে থকা বিবাদ তথা সমস্যাৰ নিষ্পত্তি কৰা হৈছে । প্ৰতি মূহুৰ্ততে আবেদনকাৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে নিষ্পত্তিৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । গড় হিচাপত দৈনিক প্ৰায় দুই হাজাৰ আবেদন পৰিছে মিছন বসুন্ধৰাত ।

বসুন্ধৰা আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, ২ অক্টোবৰৰ দিনা এই আঁচনিখন ৰাইজৰ বাবে মুকলি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মাটি-বাৰী সংক্ৰান্তীয় পূৰ্বৰ সকলো জটিলতাৰ সৰলীকৰণৰ বাবে চৰকাৰে 'মিছন বসুন্ধৰা’ নামৰ এই অভিলাষী আঁচনিখন গ্ৰহণ কৰিছিল । মাটি-বাৰী সম্পৰ্কীয় যিকোনো কামৰ ক্ষেত্ৰতে বছৰ বছৰ ধৰি ৰাজ্যখনত 'দালালৰাজ'ৰ এক অশুভ পৰম্পৰা চলি আহিছিল । দালাল নহ’লে মাটি-বাৰী সম্পৰ্কীয় কোনো কামেই সাধাৰণ জনতাৰ বাবে কৰাটো সম্ভৱ নাছিল ।

মিছন বসুন্ধৰা

জিলা উপায়ুক্ত নাইবা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দপদপনি আছিল দালালৰ । বছৰ বছৰ ধৰি চলি অহা এই অশুভ পৰম্পৰাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল । জনসাধাৰণে চৰকাৰী কাৰ্যালয়লৈ অহা-যোৱা নকৰাকৈ অধিকাংশ সমস্যা বসুন্ধৰা প’ৰ্টেলৰ জৰিয়তে সমাধান কৰাৰ ব্যৱস্থা কৰা হৈছে । এই আঁচনিৰ অধীনত সাঙুৰি লোৱা ভূমি সংক্ৰান্তীয় বহু কেইটা সেৱা সামৰি লোৱা হৈছে ।

মিছন বসুন্ধৰা

বিশেষকৈ ভূমিৰ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিবাদমুক্ত ভাগ-বতৰা, একচনীয়া পট্টাৰ ম্যাদীকৰণ, মাটিৰ শ্ৰেণী পৰিবৰ্তন, ৰাজহ নথিৰ পৰা দখল তথা স্বত্ববিহীন পট্টাদাৰৰ নামকৰ্তন, আৱন্টিত মাটিৰ ম্যাদীকৰণ, ভূমি নথিৰ সংশোধনী (নাম আৰু মাটিকালিৰ সংশোধন) আৰু ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তকৰণ ।

মিছন বসুন্ধৰা

২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা বসুন্ধৰা পৰ্টেলত ভূমি সংক্ৰান্তীয় বিষয়ত ৰাইজে ৩০ নবেম্বৰলৈ আবেদন কৰিব পাৰিব । আনহাতে, আবেদনসমূহ ২০২২ চনৰ ১০ মে'ৰ ভিতৰত নিষ্পত্তি কৰা হ'ব । অৱশ্যে আবেদনৰ সমান্তৰালকৈ নিষ্পত্তিৰ প্ৰক্ৰিয়াও অব্যাহত আছে । উল্লেখ্য যে, ৰাজ্য চৰকাৰে আঁচনিখনৰ যোগেদি এক বৃহৎ ঘোষণ কৰিছিল । ঘোষণা অনুসৰি গ্ৰামাঞ্চলত এক টকাতে একচনীয়া মাটি ম্যাদী কৰিব পৰা যাব । ৰাজ্য চৰকাৰে ৪ লাখ একচনীয়া মাটি ম্যাদী কৰিব । একচনীয়া মাটি ম্যাদী কৰিবলৈ ৰাজ্য চৰকাৰে ল'ব মাত্ৰ এটকা ।

বসুন্ধৰা আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ

আনহাতে, 'বসুন্ধৰা' পৰ্টেলৰ জৰিয়তে মাটি ক্ৰয়ৰ পূৰ্বে জানিব পাৰিব মাটিৰ সকলো তথ্য । ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ো ডিজিটেল মাধ্যমৰে কৰিব পাৰি সকলো সমাধান । মাটিৰ পট্টাৰ ক্ষেত্ৰত ৰৈ যোৱা ত্ৰুটি, নাম শুধৰণি কৰাৰ ব্যৱস্থা আছে বসুন্ধৰা পৰ্টেলত । কৃষি মাটি যদি পতিত মাটি হিচাপে ৰৈ যায় সেইয়াও শুধৰণি কৰাৰ ব্যৱস্থা আছে বসুন্ধৰা পৰ্টেলত । উল্লেখ যে মিছন বসুন্ধৰা আঁচনিখনৰ বাবে প্ৰায় ২১০ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে ।

লগতে পঢ়ক :বৰাকক পৃথক ৰাজ্য ঘোষণা কৰিলে আন বহুতে বিচাৰিব পৃথক ৰাজ্য : ভৰত নৰহ

ABOUT THE AUTHOR

...view details