অসম

assam

By

Published : Jul 11, 2023, 8:49 PM IST

Updated : Jul 11, 2023, 9:21 PM IST

ETV Bharat / state

Drunk Policeman Suspended:কৰ্তব্যৰত অৱস্থাতে মদ্যপান কৰি নিলম্বিত আৰক্ষী

সুঠাম আৰু স্মাৰ্ট আৰক্ষীৰ সন্ধানত অসম আৰক্ষী ৷ মহানগৰীত কৰ্তব্যৰত অৱস্থাতে নিলম্বিত হ’ল এজন আৰক্ষী কনিষ্টবল ৷ ফটাশিল আমবাৰী থানাৰ কনিষ্টবল নৃপেন্দ্ৰ কুমাৰক নিলম্বন ৷

Drunk Policeman
কৰ্তব্যৰত অৱস্থাতে মদ্যপান

গুৱাহাটী, ১১ জুলাই:সুঠাম আৰু স্মাৰ্ট আৰক্ষী লাগে অসম আৰক্ষীত ৷ ইতিমধ্যে স্মাৰ্ট আৰু মেদবহুলবিহীন আৰক্ষীৰ সন্ধান নামিছে অসম আৰক্ষী ৷ সুৰাপায়ী আৰক্ষী নালাগে, সেয়ে সুৰাপায়ী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী ।

কৰ্তব্যৰত অৱস্থাতে চাকৰি হেৰুৱালে আৰক্ষীয়ে

মঙলবাৰে মহানগৰীত কৰ্তব্যৰত অৱস্থাতে নিলম্বিত হ’ল এজন আৰক্ষী কনিষ্টবল । ফটাশিল আমবাৰী থানাৰ কনিষ্টবল নৃপেন্দ্ৰ কুমাৰক নিলম্বন কৰে শীৰ্ষ বিষয়াই । জানিব পৰা মতে কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল হৈ শুই আছিল কনিষ্টবলজন ৷ যাৰ বাবে সুৰাৰ ৰাগী শেষ নৌ হওঁতে নিলম্বন কৰিলে ফটাশিল আমবাৰী আৰক্ষী থানাৰ কনিষ্টবল নৃপেন্দ্ৰ কুমাৰক । স্মাৰ্ট পুলিচিঙৰ জৰিয়তে সক্ৰিয় আৰু জনমুখী লগতে দ্ৰুত গতিৰে অপৰাধ মোকাবিলাৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ গৃহ বিভাগে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে । তাৰেই অংশ স্বৰূপে সুৰাপায়ী আৰু শকত বিষয়া-জোৱানক চাকৰিৰ পৰা বিদায় দিয়াৰ সিদ্ধান্ত লৈছিল অসম চৰকাৰে ৷

কৰ্তব্যৰত অৱস্থাতে মদ্যপান

বিভিন্ন সময়ত সুৰাৰ ৰাগীত মাতাল হোৱাৰ দৃশ্য সামাজিক মাধ্যমত চৰ্চা লাভ কৰে । কিন্তু বৰ্তমান সময়ত কৰ্তব্যৰত অৱস্থাত সুৰাৰ ৰাগীত মাতাল হৈ থকা আৰক্ষীয়ে হেৰুৱাব চাকৰি । ইতিমধ্যে মেদবহুল আৰু সুৰাপায়ী আৰক্ষীৰ তালিকা প্ৰস্তুত কৰিছে অসম আৰক্ষীয়ে । এই কথা চলিত বৰ্ষৰ মে’ত সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে জনাইছিল । তেওঁ সংবাদমেলত কৈছিল,মদবহুল আৰু সুৰাপায়ী আৰক্ষীৰ ৬৮০ জনীয়া এখন তালিকা প্ৰস্তুত কৰা হৈছে । এই তালিকাখন ভেৰিফিকেচন পৰ্যায় আছে । এই তালিকাত শীৰ্ষ বিষয়াৰ পৰা কনিষ্টবললৈকে আছে ।’’ চলিত বৰ্ষৰ শেষৰ ফালে মদবহুল আৰু সুৰাপায়ী আৰক্ষীৰ স্বেচ্ছামূলক অব্যাহতি দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি মন্তব্য কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।

লগতে পঢ়ক:Road accident in Guwahat: গুৱাহাটীৰ ৩৩ স্থান অতি দুৰ্ঘটনা প্ৰৱণ এলেকা হিচাপে চিনাক্ত

Last Updated : Jul 11, 2023, 9:21 PM IST

ABOUT THE AUTHOR

...view details