গুৱাহাটী,২৯ ছেপ্তেম্বৰ :মাটি-বাৰী সম্পৰ্কীয় যিকোনো কামৰ ক্ষেত্রতে বছৰ বছৰ ধৰি ৰাজ্যখনত এক অশুভ পৰম্পৰা চলি আহিছিল । 'দালালৰাজ'ৰ অশুভ পৰম্পৰা । দালাল নহ'লে মাটি-বাৰী সম্পৰ্কীয় কোনো কামেই সাধাৰণ জনতাৰ বাবে কৰাটো সম্ভৱ নাছিল । জিলা উপায়ুক্ত নাইবা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দপদপনি আছিল দালালৰ ।
বছৰ বছৰ ধৰি চলি অহা এই অশুভ পৰম্পৰাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ইতিমধ্যে ৰাজ্যজুৰি দালালৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে । মাটি-বাৰী সংক্ৰান্তীয় পূৰ্বৰ সকলো জটিলতাৰ সৰলীকৰণৰ বাবে চৰকাৰে 'মিছন বসুন্ধৰা’ (Mission Basundhara) নামেৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে । ২ অক্টোবৰত এই আঁচনিখন অসমৰ ৰাইজৰ বাবে মুকলি কৰা হ'ব ।
যিখন আঁচনিৰ কথাই ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰিছে । সকলো ধৰণৰ জটিলতা দূৰীকৰণেৰে ৰাইজৰ ভূমি সমস্যাসমূহ নিষ্পত্তিকৰণ তথা অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সেৱাসমূহ জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ লক্ষ্যৰে বিভাগটোৰ অধীনত অসম চৰকাৰে গ্ৰহণ কৰিছে ‘মিছন বসুন্ধৰা’ আঁচনিখন । জনসাধাৰণে চৰকাৰী কাৰ্যালয়লৈ অহা-যোৱা নকৰাকৈ অধিকাংশ সমস্যা প’ৰ্টেলৰ জৰিয়তে সমাধান কৰাৰ পোষকতাৰে গ্ৰহণ কৰা এই আঁচনিখনত বহুকেইটা দিশ সামৰি লোৱা হৈছে ।
এই আঁচনিৰ অধীনত সাঙুৰি লোৱা সেৱাসমূহ হৈছে, ভূমি নথিৰ সংশোধন আৰু উন্নীতকৰণ, অনা-জৰীপ গাঁৱৰ জৰীপ ব্যৱস্থা, জৰীপকৃত গাঁৱৰ পুনঃ জৰীপ ব্যৱস্থা, বিবাদমুক্ত বাটোৱাৰা, একচনীয়া পট্টাৰ ম্যাদী পট্টাকৰণ, মাটিৰ শ্ৰেণী পৰিৱৰ্তন, ৰাজহ নথিৰ পৰা দখল, স্বত্ববিহীন পট্টাদাৰৰ নাম কৰ্তন, আৱণ্টিত মাটিৰ ম্যাদী পট্টাকৰণ আদি । আনহাতে, ৰাজ্য চৰকাৰে আঁচনিখনৰ যোগেদি এক বৃহৎ ঘোষণা কৰিছে । ঘোষণা অনুসৰি গ্ৰামাঞ্চলত এক টকাতে একচনীয়া মাটি ম্যাদী কৰিব পৰা যাব । ৪ লাখ একচনীয়া মাটি ম্যাদী কৰিব ৰাজ্য চৰকাৰে ।
একচনীয়া মাটি ম্যাদী কৰিবলৈ ৰাজ্য চৰকাৰে ল'ব মাত্ৰ এটকা । একেদৰে নগৰ অঞ্চলতো মাটি ম্যাদী মূল্য হ্ৰাস কৰা হ’ব । ২ অক্টোবৰৰ পৰা ক্ষীপ্ৰ গতিত চলিব মাটিৰ কাম-কাজ । মাটিৰ সকলো সমস্যা সমাধানৰ বাবে বাবে মুকলি হ'ব মিছন বসুন্ধৰা পৰ্টেলৰ । 'বসুন্ধৰা' পৰ্টেলৰ জৰিয়তে মাটি ক্ৰয়ৰ পূৰ্বে জানিব পাৰিব মাটিৰ সকলো তথ্য । ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ো ডিজিটেল মাধ্যমেৰে কৰিব পাৰিব সকলো সমাধান । মাটিৰ পট্টাৰ ক্ষেত্ৰত ৰৈ যোৱা ত্ৰুটি, নাম শুধৰণি কৰিব পাৰিব বসুন্ধৰা পৰ্টেলত । কৃষি মাটি যদি পতিত মাটি হিচাপে ৰৈ যায় সেইয়াও শুধৰণি কৰিব পাৰিব ।
ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এতিয়াৰে পৰা নচলিব দালালৰাজ । ২০২২ চনৰ ১০ মে’ৰ ভিতৰত জনতাৰ সকলো সমস্যা সমাধান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে । উল্লেখ্য যে, ইতিমধ্যে এ ডি চি আৰু চক্ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই মাটি-বাৰী সম্পৰ্কীয় সমস্যা সমূহৰ সমাধানৰ বাবে নিৰ্দেশ দিছিল । লগতে ৰাজহ চক্ৰ বিষয়া সকলকো দুৰ্নীতিৰ পৰা আঁতৰি ৰাইজৰ কাম কৰিবলৈ সকীয়াই দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । মিছন বসুন্ধৰা আঁচনিখনকলৈ ৰাজ্যবাসী বিশেষভাৱে আশাবাদী । আঁচনিখনৰ যোগেদি দালালৰাজৰ অৱসান ঘটাৰ লগতে মাটি-বাৰী সম্পৰ্কীয় তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ পৰা জনগণ মুক্ত হ'ব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক :গৰুখুটিৰ ঘটনাত ৰাজনৈতিক অভিসন্ধি জড়িত : ইউ জি ব্ৰহ্ম