গুৱাহাটী,৭ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত সাধাৰণ পথাচাৰী যুৱতী-মহিলাৰ নিৰাপত্তাৰ দিশটোক লৈ বাৰম্বাৰ প্ৰশ্ন উত্থাপন হৈ অহাৰ মাজতে আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । এইখন মহানগৰীত যে মহিলা-যুৱতীসকল একেবাৰে সুৰক্ষিত নহয় সেয়া উদঙাইছে এটি টুইটে(Attempts to molest women) । এগৰাকী যুৱতীৰ এটা টুইটে এই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
উল্লেখ্য, গুৱাহাটী মহানগৰীত উদণ্ড যুৱকৰ লগতে এচাম দুষ্কৃতিকাৰীয়ে দুষ্কাৰ্য সম্পাদন তথা মহিলাসকলৰ শ্লীলতা হানিৰ দৰে ঘটনাও সংঘটিত কৰি আহিছে(Insecure women in Guwahati) । সেয়া খোজকাঢ়ি থকা অৱস্থাতে হওক বা অন্য ধৰণে যাতায়াত কৰা অৱস্থাতে হওক(Woman victim of misdeeds in Guwahati) । দুচকীয়া বা চাৰিচকীয়া বাহন আনকি খোজকাঢ়ি গৈ থকা উদণ্ড যুৱকৰ বিভিন্ন সময়ত বিভিন্ন দুষ্কাৰ্যৰ বলি হৈ আহিছে যুৱতী তথা মহিলাসকল । আনহাতে, চিলনী চোৰৰ উপদ্ৰৱতো আছেই ।
তাৰ মাজতে এগৰাকী যুৱতীৰ ছচিয়েল মিডিয়াৰ এটা পোষ্টে পুনৰবাৰ মনত পেলাই দিছে গুৱাহাটী মহানগৰীত নাৰীৰ সুৰক্ষাৰ দিশটো । টুইটাৰযোগে যুৱতীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, মহানগৰীত স্কুটীত অহা যুৱকে অশালীন উদ্দেশ্যৰে লক্ষ্য কৰি লয় যুৱতীগৰাকীক(Miscreants on scooty try to molest girl in Guwahati) । আন্ধাৰৰ সুযোগত যুৱতীগৰাকীৰ শালীনতাহানিৰ চেষ্টা কৰে স্কুটী আৰোহীয়ে । টুইটটোত যুৱতীগৰাকীয়ে স্পষ্টকৈ লিখিছে, স্কুটীত অহা এজন যুৱকে তেওঁক নিৰ্যাতনৰ চেষ্টা কৰাৰ কথা ।
উক্ত ঘটনাৰ বলি হৈ আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি টুইট কৰিছে যুৱতীগৰাকীয়ে । উল্লেখ্য, দুদিন পূৰ্বে এই ঘটনাটো সংঘটিত হয় গুৱাহাটীৰ উজানবজাৰৰ যোৰপুখুৰীৰ পাৰত । সময় তেতিয়া সন্ধিয়া প্ৰায় ৮ বাজিছিল । যুৱতীগৰাকী যোৰপুখুৰী পথেৰে খোজকাঢ়ি গৈ আছিল । কিন্তু তেনে সময়তে হঠাৎ স্কুটীত অহা অচিনাক্ত যুৱকজনে যুৱতীগৰাকীৰ শালীনতাহানিৰ চেষ্টা কৰে । অৱশ্যে সেই সময়ত পথছোৱা অন্ধকাৰ আছিল । ষ্ট্ৰীট লাইট জ্বলা নাছিল । কিন্তু আকস্মিক ঘটনাটোত হতচকিত হৈ পৰা যুৱতীগৰাকীয়ে সহায় বিচাৰি চিঞৰ-বাখৰ কৰে । লগতে তেওঁৰ সহায় বিচাৰি ওচৰৰে ব্যৱসায়ী এজনৰ ওচৰলৈও যায় ।