গুৱাহাটী, 16 জুলাই : মহানগৰীৰ হাতীগাঁও অঞ্চলত নিশা উদণ্ড যুৱকৰ তাণ্ডৱ ৷ সুৰাপান কৰি এটা পৰিয়ালক অত্যাচাৰ কৰাৰ অভিযোগ ৷ সুৰাপায়ী যুৱকে লণ্ড-ভণ্ড কৰিলে পৰিয়ালটোৰ বাসগৃহ ৷
মহানগৰীৰ হাতীগাঁও সিজুবাৰীত নিশাৰ ভাগত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ প্ৰায় 8 জনীয়া এটা যুৱকৰ গুণ্ডাগিৰী ৷ নিশা সুৰাপান কৰি মহানগৰীৰ হাতীগাঁও সিজুবাৰীৰ চাহিম আলি পথৰ এটা পৰিয়ালক অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰায় 8 জনীয়া যুৱকৰ এটা দলে পৰিয়ালটোৰ ঘৰত ইটা, লোৰ ৰদ দলিয়াই ঘৰৰ গ্লাছ ভঙাৰ লগতে লণ্ডভণ্ড কৰে বয়-বস্তু ৷ কেৱল এইয়াই নহয়, পৰিয়ালটোক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰো অভিযোগ দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে ৷
ঘটনাৰ বিৱৰণী মতে ভুক্তভোগী পৰিয়ালটোৰ ঘৰৰ সন্মুখত চুবুৰীৰে এজন ব্যক্তিৰ কিশোৰ পুত্ৰই নিজৰ মটৰ চাইকেল ৰখাই থৈছিল ৷ তাৰ কিছুসময় পিছত ব্যক্তিজনৰ পুত্ৰই নিজৰ মটৰ চাইকেলখন ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিছতে অভিযুক্ত ব্যক্তিজনৰ পৰিয়ালে ভুক্তভোগী পৰিয়ালটোক মটৰ চাইকেলখন ভঙা বুলি অভিযোগ কৰে ৷ লগতে মটৰ চাইকেল ভঙাৰ অভিযোগত ভুক্তভোগী পৰিয়ালটোৰ ঘৰত ইটা, ৰদ আদিৰে আক্ৰমণ কৰাৰ লগতে নানা গালি-গালাজ কৰে ৷