অসম

assam

ETV Bharat / state

কামাখ্যা ৰেল ষ্টেচনত আটক দুৰ্ধৰ্ষ অপৰাধী - GRP

ৰেল আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰে বিমল দত্ত নামৰ এগৰাকী অপৰাধীক

কামাখ্যা ৰেল ষ্টেচনত আটক দুৰ্ধৰ্ষ অপৰাধী

By

Published : May 9, 2019, 5:07 PM IST

গুৱাহাটী, 9 মেঃ মহানগৰীত ৰেল আৰক্ষীৰ বিশেষ সফলতা ৷ গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে ৰেল আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এটা দুৰ্ধৰ্ষ চোৰক ৷

কামাখ্যা ৰেল ষ্টেচনত আটক দুৰ্ধৰ্ষ অপৰাধী

মহানগৰীৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুলীয়াজানৰ বিমল দত্ত নামৰ চোৰটোক ৷ ৰেলত যাত্ৰীক নিচাযুক্ত দ্ৰব্য খুৱাই লুটপাত কৰে চোৰটোৱে ৷ কামাখ্যা ষ্টেচনৰ পৰা ৰেল আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে লোকজনৰ পৰা এটা মোবাইল ফোন আৰু নিচাযুক্ত দ্ৰব্য জব্দ কৰে ৷ ৰেল আৰক্ষীৰ জেৰাত উক্ত মোবাইলটো কোনোবা হৰি ভক্ত নামৰ এগৰাকী লোকৰ বুলি প্ৰকাশ কৰে চোৰটোৱে ৷ ইতিমধ্যে ৰেল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে বিমল দত্তক ৷

ABOUT THE AUTHOR

...view details