অসম

assam

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:11 PM IST

ETV Bharat / state

Silsako Beel eviction : মুখ্যমন্ত্ৰীক কলিযুগৰ দস্যু আখ্যা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ

শিলসাঁকোত চলি থকা উচ্ছেদক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ লগতে শাসকীয় পক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ।

Silsako Beel eviction
মুখ্যমন্ত্ৰীক কলিযুগৰ দস্যু আখ্যা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ

মুখ্যমন্ত্ৰীক কলিযুগৰ দস্যু আখ্যা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ

গুৱাহাটী,২ ছেপ্টেম্বৰ :গুৱাহাটীৰ শিলসাঁকোত শুকুৰবাৰৰ পৰা প্ৰশাসনৰ উচ্ছেদ আৰম্ভ হৈছে । শনিবাৰেও প্ৰশাসনৰ এই উচ্ছেদ অভিযান অব্যাহত আছে । এই অভিযানৰ মাজতে অসম প্ৰদেশ মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বিস্ফোৰক মন্তব্য । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কলিযুগৰ দস্যু আখ্যা মীৰা বৰঠাকুৰৰ । শিলসাঁকোত চলা অভিযানক লৈ ক্ষোভিত হৈ পৰে কংগ্ৰেছ নেত্ৰীগৰাকী ।

শনিবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে শিলসাঁকোৰ ৰুদ্ৰ সিংহ পথত চলি থকা উচ্ছেদস্থলীলৈ ৰাওনা হয় । কিন্তু আৰক্ষীয়ে তেওঁক যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে । ইয়াৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে তীব্ৰ সমালোচনা কৰে । তেওঁৰ মতে প্ৰশাসনে দমনমূলক নীতিৰে খিলঞ্জীয়াৰ ওপৰত উচ্ছেদ চলাইছে । তেওঁ কয় যে শিলসাঁকোৰ উচ্ছেদিত লোকসকলক চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰাৰ পাছতে বেদখলমুক্ত কৰাৰ চিন্তা কৰা উচিত আছিল ।

কিন্তু শিলসাঁকোত দীৰ্ঘদিন ধৰি বসবাস কৰা লোকসকলে মাটি পট্টাৰ নামৰ কবুলা জমা দিছে, হল্ডিং নম্বৰ লাভ কৰিছে, বিদ্যুৎ সংযোগ আদিৰ বাবে চৰকাৰক কৰ প্ৰদান কৰিছে । তেনেস্থলত চৰকাৰে এনে অন্যায় কৰাটো উচিত নাছিল বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীক সকীয়াই দি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ অৱসৰৰ সময় শিলসাঁকোৰ পৰাই আৰম্ভ হৈছে । মুখ্যমন্ত্ৰীৰ ওপৰত শিলসাঁকোৰ ৰাইজৰ অভিশাপ লাগিব । এটা সময়ত মুখ্যমন্ত্ৰীয়েও নিঃসংগ জীৱন কটাব লাগিব ।

তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো কলিযুগৰ দস্যু আখ্যা দিয়ে । ইফালে মন্ত্ৰী অশোক সিংহল আৰু বিজেপি নেতা নাৰায়ণ ডেকাক মাটিৰ দালাল বুলি সমালোচনা কৰা মীৰা বৰঠাকুৰে । ভবিষ্যতে ইয়াত কোনো জলাশয় হয় নে তাৰ পৰিৱৰ্তে ব্যৱসায়িক হস্তান্তৰ কৰে সেয়া দৃষ্টি ৰাখিব বুলিও তেওঁ সকীয়াই দিয়ে । শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে শিলসাঁকোৰ গৃহহাৰাৰ দুখ অথলে নাযায় । এই কান্দোনৰ দাম এদিন মুখ্যমন্ত্ৰীয়ে ভৰিব লাগিব বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :Silsako Eviction : শিলসাঁকোত দ্বিতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ

ABOUT THE AUTHOR

...view details