অসম

assam

ETV Bharat / state

সংখ্যালঘু ভোটৰ হাৰ বৃদ্ধিয়ে দিছে কিহৰ ইংগিত ? - সংখ্যালঘু ভোটৰ হাৰ বৃদ্ধি

অসমৰ 126 টা বিধানসভা সমষ্টিত এইবাৰ সামগ্ৰিকভাৱে ভোটৰ হাৰ 82.04 শতাংশ বুলি নিশ্চিত কৰিছে নিৰ্বাচন আয়োগে ৷ সদ্যসমাপ্ত তিনিওটা পৰ্যায়ৰ নিৰ্বাচনতে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ আধিপত্য থকা সমষ্টিসমূহৰ তুলনাত সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত ভোটদানৰ হাৰ যথেষ্ঠ পৰিমাণে অধিক হোৱা পৰিলক্ষিত হৈছে ৷ সংখ্যালঘুৰ এই ভোট যে হিন্দুত্ববাদৰ শ্ল'গান দিয়া বিজেপিৰ পক্ষত গৈছে তাত যথেষ্ট সন্দেহ থকাৰ পৰিপ্ৰক্ষিতত এতিয়া সংখ্যালঘুৰ ভোটৰ হাৰ বৃদ্ধিক লৈ চলিছে ব্যাপক চৰ্চা ৷

minority vote a factor in 2021 assam assembly election
সংখ্যালঘু ভোটৰ হাৰ বৃদ্ধিয়ে দিছে কিহৰ ইংগিত

By

Published : Apr 8, 2021, 8:54 PM IST

গুৱাহাটী, 8 এপ্ৰিল : ভোট শেষ হ'ল ৷ এতিয়া 2 মে' পৰ্যন্ত চলিব বিভিন্ন অংক, সমীকৰণ আৰু জল্পনা-কল্পনা ৷ অসমৰ 126 টা বিধানসভা সমষ্টিত এইবাৰ সামগ্ৰিকভাৱে ভোটৰ হাৰ 82.04 শতাংশ বুলি ইতিমধ্যে নিৰ্বাচন আয়োগে নিশ্চিত কৰিছে ৷ কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে সদ্যসমাপ্ত তিনিওটা পৰ্যায়ৰ নিৰ্বাচনতে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ আধিপত্য থকা সমষ্টিসমূহৰ তুলনাত সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত ভোটদানৰ হাৰ যথেষ্ঠ পৰিমাণে অধিক ।

খিলঞ্জীয়া মুছলমানৰ ভোট বিজেপিৰ পক্ষলৈ আহিছে : পবিত্ৰ মাৰ্ঘেৰিটা

এইবাৰৰ নিৰ্বাচনত আৰম্ভণিৰে পৰা দেখা গৈছিল যে বিজেপিয়ে 'এয়া মোগলৰ বিৰুদ্ধে যুঁজ', 'অসমীয়া সভ্যতা-সংস্কৃতি ৰক্ষাৰ যুঁজ' জাতীয় কেতবোৰ শ্ল'গানেৰে ধৰ্মীয় মেৰুকৰণৰ এক চেষ্টা চলাইছিল । কিন্তু তিনিওটা পৰ্যায়ৰ নিৰ্বাচনে পৰিস্কাৰ কৰি দিলে যে বিজেপিয়ে 'মোগল' বুলি ইংগিত কৰা সকলৰ আধিক্য থকা সমষ্টিসমূহত ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে যি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ বিজেপিয়ে 'খিলঞ্জীয়া' ক আহ্বান জনাইছিল, তেনে খিলঞ্জীয়া অধ্যুষিত সমষ্টিসমূহত হিলদল ভাঙি ভোট দিবলৈ খিলঞ্জীয়া ওলাই নাহিল । অৰ্থাৎ ৰণক্ষেত্ৰত 'মোগল' ঠিকেই নামিল, নানামিল মোগলৰ বিৰুদ্ধে যুঁজ দিয়া সকলহে ।

উদাহৰণস্বৰূপে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা অধিকাংশ সমষ্টিয়েই খিলঞ্জীয়া অধ্যুষিত আছিল যদিও সেই সমষ্টিসমূহৰ ভোটৰ হাৰলৈ মন কৰিলে দেখা যাব যে, তেজপুৰত ৭৯.১৭ শতাংশ, তিতাবৰত ৭৮.০৯ শতাংশ, যোৰহাটত ৭৪.৬৭ শতাংশ, মৰাণত ৭৭.৭৭ শতাংশ, দেৰগাঁৱত ৭৬.৪৭ শতাংশ, দুলীয়াজানত ৭৭.৪২ শতাংশ, ধেমাজিত ৭৭.৪৭ শতাংশ, ডিব্ৰুগড়ত ৭৫.৩৬ শতাংশ, সৰুপথাৰত ৭৭.৭৬ শতাংশইহে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৷ অৱশ্যে এয়া মাত্ৰ কেইটামান উদাহৰণহে । খিলঞ্জীয়া অধ্যুষিত বেছিভাগ সমষ্টিতে ভোটদানৰ হাৰে ৮০ শতাংশৰ ঘৰ স্পৰ্শ নকৰিলে ।

একেদৰে সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহৰ ভোটদানৰ হাৰলৈ মন কৰিলে দেখা যাব যে, মানকাচৰত ৯০ শতাংশ, বিলাসীপাৰা পশ্চিমত ৭৯ শতাংশ, ধুবুৰীত ৯০ শতাংশ, দক্ষিণ শালমাৰাত ৯০ শতাংশ, গোলকগঞ্জত ৮৯ শতাংশ, বিলাসীপাৰা পূৱত ৮৭ শতাংশ, জলেশ্বৰত ৯০ শতাংশ, জনিয়াত ৮৮ শতাংশ, পূৱ গোৱালপাৰাত ৮৯ শতাংশ, পশ্চিম গোৱালপাৰাত ৮৯ শতাংশ আদি । সংখ্যালঘুৰ এই ভোট যে হিন্দুত্ববাদৰ শ্ল'গান দিয়া বিজেপিৰ পক্ষত গৈছে তাতো সন্দেহ আছে । তেন্তে সংখ্যালঘুৰ ভোটৰ হাৰ বৃদ্ধিয়ে কিহৰ ইংগিত দিছে । বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাৰ দাবী- খিলঞ্জীয়া মুছলমানৰ ভোট আহিছে বিজেপিৰ পক্ষলৈ । কিন্তু যিসকল সংখ্যালঘু লোকে এতিয়াও অসমীয়া সংস্কৃতিৰ সৈতে নিজকে বিলীন কৰিব পৰা নাই, যিসকলে নিজকে এতিয়াও ভাৰতীয় বুলি নাভাবে সেইসকলৰ ভোট বিজেপিয়ে আগতেও আশা কৰা নাছিল, এতিয়াও নকৰে ।

লগতে পঢ়ক:অসমত পুনৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ !

ABOUT THE AUTHOR

...view details