গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ কৰ্মকাণ্ডৰ কথা আজিও সকলোৰে মানসপটত ভাহি আছে ৷ আভিজাত্য মহানগৰীত বনকৰা শিশু বা কিশোৰ-কিশোৰী ৰাখি মাৰধৰ কৰাটো যেন সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ এইবাৰ পুনৰ ৰাজধানী গুৱাহাটী মহানগৰীত সংঘটিত হোৱা বনকৰা নাবালিকাক নিৰ্যাতন কৰা ঘটনা এটি পোহৰলৈ আহিছে । স্থান ভগদত্তপুৰৰ পিয়া এক্সটিকা এপার্টমেন্ট ।
এই এপার্টমেণ্টটোত থকা বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ ছাবিনা লাংথাছাই নিজ ঘৰত বনকৰা হিচাবে ৰাখিছে এগৰাকী 10 বছৰীয়া নাবালিকাক ৷ দীৰ্ঘদিন ধৰি এই বনকৰা নাবালিকাগৰাকীক অকথ্য নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অধ্যাপিকা ড৹ ছাবিনা লাংথাছাইৰ বিৰুদ্ধে ।
এই ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাচতে ভগদত্তপুৰ আৰক্ষীয়ে নিৰ্যাতনৰ বলি হোৱা নাবালিকাগৰাকীক উক্ত ফ্লেটটোৰ পৰা উদ্ধাৰ কৰে ৷ লগতে ঘটনা সন্দৰ্ভত অধ্যাপিকাগৰাকীকো আৰক্ষীয়ে আটক কৰে । জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা অধ্যাপিকাগৰাকীয়ে বনকৰা নাবালিকাগৰাকীক মাৰধৰ কৰি অমানৱীয় অত্যাচাৰ চলাই আহিছিল ।