অসম

assam

ETV Bharat / state

ধনৰ প্ৰলোভন দেখুৱাই কিশোৰীক যৌন নিৰ্যাতন বৃদ্ধৰ - কিশোৰীক যৌন নিৰ্যাতন বৃদ্ধৰ

৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হল এগৰাকী ১২ বছৰীয়া কিশোৰী (Minor girl Sexually harassed by old man) ৷ 1000 টকা আৰু কণী দিয়াৰ প্ৰলোভন দি অশ্লীল প্ৰস্তাৱ কিশোৰীক ৷

Minor girl Sexually harassed by old man
কণী আৰু ধনৰ প্ৰলোভন দেখুৱাই কিশোৰীক যৌন নিৰ্যাতন বৃদ্ধৰ

By

Published : Jul 4, 2022, 1:22 PM IST

গুৱাহাটী, 4 জুলাই: গুৱাহাটীত মহানগৰীত পুনৰ সংঘটিত হ’ল জঘন্য ঘটনা (Sexually harrased in Guwahati) ৷ এইবাৰ ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হল এগৰাকী ১২ বছৰীয়া কিশোৰী (Minor girl Sexually harassed by old man) ৷

কণী আৰু ধনৰ প্ৰলোভন দেখুৱাই কিশোৰীক যৌন নিৰ্যাতন বৃদ্ধৰ

বামুনিমৈদাম ৰে’লৱে কলনীৰ আৰ পি এফ খেলপথাৰৰ সমীপৰ বাসিন্দা তথা কণী ব্যৱসায়ী ৰতন দত্তই ওচৰৰ এগৰাকী ১২ বছৰীয়া কিশোৰীক 1000 টকা আৰু কণী দিয়াৰ প্ৰলোভন দি অশ্লীল প্ৰস্তাৱ দিয়ে ৷ ইয়াৰ পিছতে কেবাদিন ধৰি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল দত্তই ৷ সোমবাৰে ভাস্কৰ নগৰৰ বীৰাংগনা মহিলা সমিতিয়ে এই কথা গম পাই স্থানীয় ৰাইজৰ সহযোগত অভিযুক্ত দত্তক কৰায়ত্ত কৰে ৷

উত্তেজিত জনতাই অভিযুক্তক বিদ্যুতৰ খুটাত বান্ধি উত্তম মাধ্যম সোধায় ৷ ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ উত্তেজিত জনতাৰ কবলৰ পৰা অভিযুক্তটোক উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷ উত্তেজিত জনতাই থানা চৌহদত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ক্ষোভিত ৰাইজে বৃদ্ধজনক দৃষ্টান্তমূলক শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনোৱাৰ লগতে যাৱজ্জীৱন কাৰাদণ্ড বিহিবলৈ দাবী উত্থাপন কৰে ৷

জানিব পৰামতে ভুক্তভোগী কিশোৰীগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ আছিল ৷ কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে অন্য লোকৰ ঘৰত কাম কৰে ৷

লগতে পঢ়ক :নিৰ্লজ্জ ! ধৰ্ষণ আৰু অপহৰণৰ গোচৰ নিষ্পত্তি কৰিবলৈ ধন দাবী নগাঁও আৰক্ষীৰ

ABOUT THE AUTHOR

...view details