গুৱাহাটী, ৯ আগষ্ট: মহানগৰীৰ নাৰেংগীৰ ভূপেন্দ্ৰ নগৰত সংঘটিত হৈছে এক জঘন্য ঘটনা (Minor Girl Rape at Narengi) ৷ ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী ছয় বছৰীয়া কিশোৰী(Minor Girl Rape by 60 years old man)৷
জানিব পৰামতে, সোমবাৰে ঘৰত প্ৰতিদিনৰ দৰে নিজ কন্যা আৰু পুত্ৰক থৈ পিতৃ-মাতৃ কামলৈ ওলাই গৈছিল ৷ শিশু দুটি ঘৰৰ চোতালত খেলি থকা দেখা পাই ঘৰৰ সমীপৰে দ্বিজেন ৰামচিয়াৰী নামৰ বৃদ্ধিজনে চিপছৰ পেকেটৰ প্ৰলোভনেৰে শিশু দুটিক দি ঘৰৰ ভিতৰলৈ লৈ যায় ৷ লগে লগে সুযোগ বুজি কিশোৰীগৰাকীৰ লগত অপকৰ্মত লিপ্ত হয় পাষণ্ড বৃদ্ধই ৷
এই সমগ্ৰ ঘটনাটো কিশোৰীগৰাকীৰ 10 বছৰীয়া ভাতৃয়ে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত বৃদ্ধজনে ঘৰখনৰ পৰা পলায়ন কৰে ৷ সন্ধিয়া শিশু দুটিৰ পিতৃ-মাতৃ অহাৰ লগে লগে ভুক্তভোগী কিশোৰীগৰাকীয়ে কান্দি কান্দি সকলো কথা বিৱৰি কয় ৷