অসম

assam

By

Published : Mar 21, 2020, 7:00 PM IST

ETV Bharat / state

দিছপুৰত কৰ'ণা আতংকঃ সামাজিক দুৰত্ব বজাই চলিছে মন্ত্ৰীয়ে

কৰ'ণা সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ মন্ত্ৰীসকলৰ চৰকাৰী বাসগৃহৰ পদুলিত ব্যৱস্থা কৰা হৈছে ইনফ্ৰাৰেড থাৰ্ম'মিটাৰৰ ৷

সামাজিক দুৰত্ব বজাই চলিছে মন্ত্ৰীয়ে
সামাজিক দুৰত্ব বজাই চলিছে মন্ত্ৰীয়ে

গুৱাহাটী, ২১ মাৰ্চঃ নিমাওমাওদিছপুৰ ! ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈও আতংকিত হৈ পৰিছে মন্ত্ৰী-বিধায়ক । ইতিমধ্যে মন্ত্ৰীসকলৰ চৰকাৰী বাসগৃহত নিষিদ্ধ কৰা হৈছে দৰ্শনাৰ্থীৰ প্ৰবেশ । কৰ'ণা সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ মন্ত্ৰীসকলৰ চৰকাৰী বাসগৃহৰ পদুলিত ইনফ্ৰাৰেড থাৰ্ম'মিটাৰৰ ব্যৱস্থা কৰা হৈছে । ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই আজি কয় যে, পৰিবেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনে সজাগতা আৰু সাৱধানতা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে ।

দিছপুৰত কৰ'ণা আতংকঃ সামাজিক দুৰত্ব বজাই চলিছে মন্ত্ৰীয়ে
ইয়াৰোপৰি মন্ত্ৰী গৰাকীয়ে কয়, সাধাৰণ জনতা যাতে অপপ্ৰচাৰত ভূল নাযায় । বিভিন্ন মাধ্যমত এই বুলিও প্ৰচাৰ চলিছে যে পশু পক্ষীৰ পৰা এই ৰোগৰ বীজাণু বিয়পে । এই কথা মুঠেও সত্য নহয় বুলিও তেওঁ ৰাইজক আস্বস্ত কৰে ।

ABOUT THE AUTHOR

...view details