অসম

assam

ETV Bharat / state

দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৰে'লৱে ট্ৰেক স্থানান্তৰিত কৰাৰ চিন্তা-চৰ্চা - Eco Sensitive Zone

জনতা ভৱনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ চৰকাৰী কক্ষত দীপৰ বিলৰ সৌন্দৰ্য বৃদ্ধি সম্পৰ্কত অনুষ্ঠিত আলোচনাত উপস্থিত থাকে পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য । জলাহভূমিৰ কাষেৰে পাৰ হৈ যোৱা ৰেলপথটোৰ ফলত শব্দ প্ৰদূষণ হয় আৰু পৰিভ্ৰমী চৰাইসমূহৰ বাবে সমস্যাৰ সৃষ্টি হয় বাবে ৰে'লপথটো স্থানান্তৰিত কৰাৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠোৱা হৈছে।

ministers meeting
দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৰে'লৱে ট্ৰেক স্থানান্তৰিত কৰাৰ চিন্তা

By

Published : Jun 17, 2021, 7:31 PM IST

গুৱাহাটী, ১৭ জুন:গুৱাহাটী মহানগৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধনৰ জৰিয়তে পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে পদক্ষেপ লোৱা হ’ব । জনতা ভৱনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ চৰকাৰী কক্ষত দীপৰ বিলৰ সৌন্দৰ্য বৃদ্ধি সম্পৰ্কে আলোচনা কৰাৰ বাবে এক সভা অনুষ্ঠিত হয় । মন্ত্ৰী সিংঘালৰ লগতে পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) অমিত সাহাই, বন সংমণ্ডল বিষয়া, গুৱাহাটীৰ লগতে অন্যান্য বিষয়াসকলৰ উপস্থিতিত জলাহভূমিৰ কিছু অংশত পৰিলক্ষিত হোৱা পানী প্ৰদূষণ আৰু পেলনীয়া সামগ্ৰীৰ নিষ্কাষণৰ বিষয়ে আলোচনা কৰা হয় ।

দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধনৰ বাবে চৰকাৰৰ বৈঠক

বৈঠকত জলাহভূমিৰ সংবেদনশীল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰেল পথটি পুন:স্থানান্তৰিত কৰাৰ বিষয়টো উত্থাপিত হয় । মন্ত্ৰী শুক্লবৈদ্যই কয় যে তেওঁৰ বিভাগৰ পৰা ইতিমধ্যে জলাহভূমিৰ কাষেৰে পাৰ হৈ যোৱা ৰেলপথটোৰ ফলত শব্দ প্ৰদূষণ হয় আৰু পৰিভ্ৰমী চৰাইসমূহৰ বাবে সমস্যাৰ সৃষ্টি হয় বাবে ৰে'লপথটো স্থানান্তৰিত কৰাৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠোৱা হৈছে । এই অঞ্চলটো ইক'ছেনচিটিভ অঞ্চল(Eco Sensitive Zone) ঘোষণা হোৱাৰ পিছত ৰাষ্ট্ৰীয় গ্ৰীন ট্ৰিবিউনেল(National Green Tribunal) কৰ্তৃপক্ষৰ পৰা এইক্ষেত্ৰত অনুমতি পোৱা যাব ।

পৰ্যটকসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ৰাস্তাৰ কাষে কাষে চাইকেলৰ বাবে এক বিশেষ পথ নিৰ্মাণৰ বিষয়ে কৰ্তৃপক্ষই চিন্তা-চৰ্চা কৰিছে । গুৱাহাটী মহানগৰীৰ পৰা দক্ষিণ-পশ্চিম দিশত অৱস্থিত দীপৰ বিল হ’ল এক ৰামছাৰ স্থান, বৰ্ষজুৰি পানীৰে ভৰা এক জলাশয় আৰু ইয়াৰ জৈৱিক, পাৰিৱেশিক মূল্যৰ বাবে ই বিখ্যাত । ৪১৪ হেক্টৰ অঞ্চলজুৰি বিয়পি থকা এই জলাহভূমি এক পক্ষী অভয়াৰণ্য য’ত প্ৰায় ৭০ টা পৰিভ্ৰমী চৰাইৰ উপৰিও ২০০ প্ৰজাতিৰ চৰাইৰ বাসস্থান । হাতীসমূহৰ বাবেও এই জলাহভূমি এক প্ৰধান অহা-যোৱা কৰা বাট। বৈঠকত এই সমগ্ৰ দিশ আলোচনা কৰা হয় ।

লগতে পঢ়ক:চিৰাঙৰ বাসুগাঁৱত গুঁই সাপ উদ্ধাৰ

ABOUT THE AUTHOR

...view details