গুৱাহাটী, 15 ফেব্ৰুৱাৰী: ব্ৰহ্মপুত্ৰ নদী পাৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসনিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ ৷ বুধবাৰে গুৱাহাটীৰ কাছাৰীত থকা পুৰণি উপায়ুক্ত বাংলো, আৰক্ষী আয়ুক্তৰ বাংলো আৰু নতুন উপায়ুক্ত বাংলোক লৈ চলি থকা ব্ৰহ্মপুত্ৰ নদীমুখ উন্নয়ন প্ৰকল্পৰ (Brahmaputra Riverfront Project) কাম-কাজসমূহ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷
প্ৰকল্পটোৰ কাম-কাজৰ অগ্ৰগতি বুজ লৈ অতি শীঘ্ৰেই প্ৰকল্পৰ কামসমূহ সম্পূৰ্ণ হৈ উঠিব বুলি সংবাদমাধ্যৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পাচতেই মন্ত্ৰীগৰাকীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মান দলঙৰ দক্ষিণ মূৰৰ পৰা শুক্লেশ্বৰ ঘাট পৰ্যন্ত এলেকা পৰিদৰ্শন কৰি এই স্থানত ব্ৰহ্মপুত্ৰ নদীপাৰ সৌন্দৰ্যবদ্ধৰ্নৰ (Beautification project for Brahmaputra) বাবে হাতত ল’ব পৰা কাম-কাজৰ সম্ভাৱনীয়তাৰ সম্পৰ্কত পৰ্যালোচনা কৰে ৷ এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, উপাধ্যক্ষ মুকুতা ডেকাৰ লগতে প্ৰাধিকৰণৰ বিষয়ববীয়া আৰু সংশ্লিষ্ট বিভাগৰ অভিযন্তাসকল ৷
ইফালে, মন্ত্ৰী সিংহলে বিয়লি জনতা ভৱনত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (GMDA), অসম নগৰীয়া আন্তঃগাঁথনি উন্নয়ন কাৰ্যসূচী, পৌৰ প্ৰশাসন সঞ্চালকালয়, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী জল ব’ৰ্ড, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা, মিশ্যন অম্ৰুট আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ বিভাগসমূহৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে (Guwahati development projects) ৷