অসম

assam

ETV Bharat / state

মহানগৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিবলৈ আহি আছে ফ্লাইং স্কোৱাড - innaugrate 6 flying squad team

গুৱাহাটীখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ লক্ষ্যৰে মুকলি ফ্লায়িং স্কোৱাড সেৱা ৷ আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

আহি আছে ফ্লাইং স্কোৱাড

By

Published : Jul 9, 2019, 4:42 PM IST

গুৱাহাটী, 9 জুলাই : গুৱাহাটীখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ ৷ মুকলি কৰিলে ফ্লাইং স্কোৱাড শীৰ্ষক এক বিশেষ সেৱা । একোজনকৈ কাৰ্যবাহী অভিযন্তাৰ নেতৃত্বত মুকলি মুঠ 6টাকৈ ফ্লাইং স্কোৱাডৰ দল ৷ আজি মহানগৰীৰ চুপাৰ মাৰ্কেট খেল পথাৰত আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

আহি আছে ফ্লাইং স্কোৱাড

আনহাতে মহানগৰবাসীৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে গুৱাহাটী পৌৰনিগমে আয়োজন কৰিব বিভিন্ন সজাগতামূলক অনুষ্ঠানৰ । অহা ১৩ জুলাইৰ পৰা প্ৰত্যেক দিনাই ৪টাকৈ ৱাৰ্ডত চলোৱা হ'ব এই সজাগতামূলক অনুষ্ঠানৰ ।

ABOUT THE AUTHOR

...view details