গুৱাহাটী, 19 অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে এতিয়াও আছু ত্যাগ কৰা নাই ৷ এই মন্তব্য মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷ সোমবাৰে মহানগৰীৰ গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ।
উক্ত কাৰ্যনিৰ্বাহক সভাত মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে উপস্থিত থাকে সাংসদ কুইন ওজা, বিধায়িকা আঙুৰলতা ডেকা, প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া । ইফালে, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সাংসদ অজিত কুমাৰ ভূঞা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷