গুৱাহাটী, ২১ নৱেম্বৰ :মহানগৰীৰ শিল্পগ্ৰামত মঙলবাৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত এক নাগৰিক সভা অনুষ্ঠিত হয় । এই সভাত অসমৰ আদিবাসী আৰু চাহ শ্ৰমিকসকলৰ আৰ্থ-সামাজিক, ভূমি আৰু ৰাজনৈতিক সমস্যা সমাধানৰ বিষয়ত বিশদভাৱে আলোচনা কৰা হয় । শিক্ষা, দক্ষতা বিকাশ, আদিবাসী চুক্তিৰ ভিত্তিত বাগান তথা বনভূমি আৱণ্টনকে ধৰি কেইবাটাও বিষয়ে স্থান পায় এই আলোচনাত । সভাত প্ৰায় ৩০ টা আদিবাসী, চাহ জনগোষ্ঠীয় সংগঠনৰ উপৰি আলোচনাত অংশ লয় মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।
সভাত উপস্থিত থাকি মন্ত্ৰী সঞ্জয় কিষাণে কয় যে মঙলবাৰৰ সভাত ভূমিৰ অধিকাৰৰ বিষয়টো আলোচনা কৰা হয় । আদিবাসী, চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ যোগেদি আগবঢ়াই নিয়াৰ বিষয়টোও আলোচনা হয় । ইতিমধ্যে চৰকাৰীভাৱে আদিবাসীসকলৰ বাবে থকা সা-সুবিধাসমূহ কেনেকৈ প্ৰদান কৰিব পাৰি তাৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে । আনহাতে, অসমৰ চাহ উদ্যোগক লৈয়ো মন্ত্ৰী সঞ্জয় কিষাণে কেইবাটাও মন্তব্য আগবঢ়ায় ।
মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ চাহৰ ব্ৰেণ্ডিং কৰিব বাবা ৰামদেৱৰ পতঞ্জলীয়ে । বিশ্বৰ বজাৰ দখলৰ উদ্দেশ্যে বাবা ৰামদেৱেৰে ৰাজ্য চৰকাৰে আলোচনা আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে । পতঞ্জলীৰ ব্যৱসায়ত অসমৰ চাহ অন্তৰ্ভুক্ত হ'ব বুলি তেওঁ প্ৰকাশ কৰে । এই ক্ষেত্ৰত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেউজ সংকেত দিয়াৰ কথা উনুকিয়ায় মন্ত্ৰীগৰাকীয়ে । অসমৰ চাহ উদ্যোগলৈ কেনিয়া, শ্ৰীলংকাৰ চাহে প্ৰত্যাহ্বান নমাই অনাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ।