গুৱাহাটী,২৩ নৱেম্বৰ: অপৰিসীম কষ্ট, ত্যাগ আৰু শ্ৰমৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী কৰা শ্ৰমিকসকলৰ শিক্ষা, স্বাস্থ্য তথা আৰ্থ-সামাজিক উত্তৰণ কৰিব পাৰিলেহে প্ৰকৃতাৰ্থত অসমখন উন্নয়নৰ বাটেৰে আগবাঢ়িব ৷ এই মন্তব্য চাহ জনজাতি কল্যাণ আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণৰ(Minister Sanjay Kishan)। অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আজি আয়োজন কৰা শ্ৰমিক কল্যাণ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মন্ত্ৰী সঞ্জয় কিষাণে এইদৰে কয় ।
Shramik kalyan diwas: চাহ বাগিছাত স্থাপন কৰা হ’ব উচ্চতৰ মাধ্যমিক বিদ্যালয় কিষাণে মহান চাহ শ্ৰমিক নেতা সন্তোষ কুমাৰ তপ্নৰ ছবিত মাল্যার্পণ তথা বন্তি প্ৰজ্বলন কৰি মহান নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু উপস্থিত শ্ৰমিকসকলক শ্ৰমিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে (Iconic leader of the Tea Garden community Santosh Kumar Topno)। উল্লেখ্য যে, অসমৰ চাহ জনগোষ্ঠীয় লোকৰ আৰ্থ-সামাজিক, সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা প্ৰয়াত সন্তোষ কুমাৰ তপ্নৰ জন্মদিনটো অসম চৰকাৰে ২০১৭ চনৰ পৰা শ্ৰমিক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে ।
Shramik kalyan diwas: চাহ বাগিছাত স্থাপন কৰা হ’ব উচ্চতৰ মাধ্যমিক বিদ্যালয় এই দিৱসৰ মূল উদ্দেশ্য হৈছে শ্ৰমিকসকলক শ্ৰমৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ অধিকাৰ আৰু প্ৰাপ্যসমূহ সময়মতে প্ৰদান কৰা । অনুষ্ঠানত শ্ৰম মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে চাহ জনজাতিসকলৰ উন্নয়নৰ হকে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে(Assam CM Himanta Biswa Sarma) । চাহ বাগিচা অঞ্চলসমূহত ইতিমধ্যে এশৰো অধিক হাইস্কুল স্থাপন কৰা হৈছে আৰু অতি সোনকালেই উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ পৰিকল্পনাও হাতত লৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।
Shramik kalyan diwas: চাহ বাগিছাত স্থাপন কৰা হ’ব উচ্চতৰ মাধ্যমিক বিদ্যালয় শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠানত শ্ৰমিক কল্যাণ বিভাগৰ নিৰ্ধাৰিত হিতাধিকাৰীৰ সন্তানসকলে বিভিন্ন ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে বঁটা প্ৰদান কৰে । তদুপৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা চাহ শ্ৰমিকসকলৰ সন্তানসকলকো অনুষ্ঠানত বঁটা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । শ্ৰম নীতিক সুপৰিকল্পিত আৰু সুচাৰুৰূপে ৰূপায়ণ কৰা তিনিটা অনুষ্ঠান ক্ৰমে ইণ্ডিয়া কাৰ্বন লিমিটেড, মেডিক’ লিমিটেড আৰু ইমামী লিমিটেডলৈও অনুষ্ঠানত বঁটা আগবঢ়োৱা হয় । অনুষ্ঠানত শ্ৰম কল্যাণ বিভাগৰ সচিব মৃদুল কুমাৰ মহন্ত প্ৰমুখ্য বিভাগীয় বহুকেইগৰাকী বিষয়া তথা গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:Akhil Gogoi react on Assam Meghalaya border conflict: ড৹ হিমন্ত বিশ্ব শৰ্মাক গৃহমন্ত্ৰীৰ পদ এৰাৰ দাবী অখিল গগৈৰ