গুৱাহাটী, 22 ডিচেম্বৰ : প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2016 চনত পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত বৃত্তি পৰীক্ষাৰ যোগ্য শিক্ষাৰ্থীসকলক মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি অনুসৰি বৃত্তিৰ ধনৰাশি শুকুৰবাৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰদান কৰে ৷ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত ডিবিটিৰ জৰিয়তে 33,482 গৰাকী ছাত্ৰ-ছাত্ৰীক এই বৃত্তিৰ ধনৰাশি প্ৰদান কৰা হয় ৷
মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত বিশেষ অনুষ্ঠান মুখ্য অতিথিৰ ভাষণত শিক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নতুন শিক্ষা নীতিৰ আধাৰত এতিয়াৰে পৰা বিদ্যালয় শিক্ষাৰ অধীনত দ্বাদশ শ্ৰেণী পৰ্যন্ত থাকিব ৷ ইয়াৰ বাবে পূৰ্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱৰ্তে এতিয়াৰ পৰা পঞ্চম, অষ্টম আৰু দশম শ্ৰেণীৰ 10 হাজাৰ ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান কৰা হ'ব ৷
লগতে তেওঁ কয় যে বিদ্যালয় একত্ৰিকৰণ প্ৰক্ৰিয়া চলি থকাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলে কিছু দূৰলৈকে শিক্ষাগ্ৰহণৰ বাবে অহা-যোৱা কৰাৰ বাবে নৱম শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে আৰু এই প্ৰক্ৰিয়া অব্যাহত থাকিব ৷ ইতিমধ্যে এই বৰ্ষত 3.69 লাখ ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কৰা হৈছে ৷
মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনিৰ ধনৰাশি বিতৰণ অনুষ্ঠান মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান শিক্ষা বিভাগে বিভাগটোত অতি পৰিকল্পিতভাৱে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে ৷ মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে বৰ্তমান ডিজিটেল যুগত আমাৰ জীৱন বহু পৰিমাণে সংখ্যাৰ ওপৰত নিৰ্ভৰশীল ৷ আজি প্ৰতিগৰাকী ব্যক্তিৰ পৰিচয় জনাৰ বাবে কেৱল নামেই নহয়, সংখ্যাও ব্যৱহাৰ কৰা হয় ৷ সেয়ে তেওঁ প্ৰতিগৰাকী শিক্ষাৰ্থীক আধাৰ কাৰ্ড আদি বনাবলৈ আহ্বান জনায় ৷
তেওঁ উল্লেখ কৰে যে আজি এই ধনৰাশি বহুতো ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টযোগে লাভ কৰিবলৈ সক্ষম নহ'ব পাৰে, কাৰণ বহুতৰে বেংকত কে ৱাই চি জমা কৰা নাই ৷ তেওঁ এইক্ষেত্ৰত শীঘ্ৰেই কে ৱাই চি জমা দিয়াৰ বাবে আহ্বান জনায় ৷ লগতে তেওঁ কয় যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে বেংক একাউণ্ট থকাটো অতিকৈ দৰকাৰী বাবে প্ৰতিগৰাকী অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীক ছাত্ৰ-ছাত্ৰী সকলৰ বেংক একাউণ্ট সুনিশ্চিত কৰিবলৈ আহ্বান জনায় ৷
অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত, বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালিকা সুৰঞ্জনা সেনাপতি প্ৰমুখ্যে শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল ৷
লগতে পঢ়ক:নৱবৰ্ষত পাৰ্টী কৰোঁতে সাৱধান; ৰাজপথত থাকিব আৰক্ষীৰ ইন্টাৰচেপ্টৰ আৰু ব্ৰেথ এনালাইজাৰ