অসম

assam

ETV Bharat / state

Minister Ranoj Pegu: কেৱল মুক্ত আৰু দূৰ শিক্ষাক গুৰুত্ব দিলে বিঘ্নিত হ'ব সমগ্ৰ শিক্ষা ব্যৱস্থা : শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু - Krishna Kanta Handiqui State Open University

কটন বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগে আয়োজন কৰা মুক্ত আৰু দূৰ শিক্ষাৰ এদিনীয়া সন্মিলনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু । অসম চৰকাৰ মুক্ত আৰু দূৰ শিক্ষাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ বিপৰীতে গুণগত মানক লৈ উদ্বিগ্ন । অ' ডি এলৰ বিশ্বাসযোগ্যতাক লৈ নাগৰিকৰ মাজত বহু প্ৰশ্ন আছে । জি ই আৰৰ নামত শিক্ষাৰ মান অৱনমিত কৰিব নোৱাৰি ।

Minister Ranoj Pegu on open education
কটন বিশ্ববিদ্যালয়ত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:09 PM IST

কটন বিশ্ববিদ্যালয়ত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

গুৱাহাটী, ১৪ অক্টোবৰ:মুক্ত আৰু দূৰ শিক্ষাৰ (অ' ডি এল) গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ (জি ই আৰ) ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসম যথেষ্ট পিছপৰি আছে । এই কথা স্বীকাৰ কৰিছে খোদ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগৰ উদ্যোগত মুক্ত আৰু দূৰ শিক্ষাৰ এদিনীয়া সন্মিলনৰ আয়োজন কৰা হয় ।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সহযোগত আয়োজন কৰা দিনজোৰা সন্মিলনখনত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুক্ত আৰু দূৰ শিক্ষাৰ ক্ষেত্ৰত অসমৰ হাৰ সৰ্বভাৰতীয় তুলনাত যথেষ্ট কম বুলি স্বীকাৰ কৰে । অৱশ্যে তেওঁ মুক্ত আৰু দূৰ শিক্ষাৰ ডিগ্ৰী সন্দৰ্ভত নাগৰিকে উত্থাপন কৰা প্ৰশ্নৰো অৱতাৰণা কৰে ।

তেওঁ কয় যে অ' ডি এলৰ বিশ্বাসযোগ্যতাক লৈ নাগৰিকৰ মাজত বহু প্ৰশ্ন আছে । এইক্ষেত্ৰত চৰকাৰখনে নিযুক্তিৰ ক্ষেত্ৰত সন্মূখীন হোৱা সমস্যাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দশম আৰু দ্বাদশ শ্ৰেণীত কম নম্বৰ পোৱা শিক্ষাৰ্থীয়ে মুক্ত আৰু দূৰ শিক্ষাৰ যোগেদি ডিগ্ৰী পৰ্যায়ত বহু নম্বৰ লাভ কৰে । মহাবিদ্যালয়ত অধ্যয়ন কৰি পৰীক্ষা দি ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীৰ নম্বৰৰ সৈতে তেওঁলোকৰ নম্বৰৰ যথেষ্ট তাৰতম্য থাকে । যাক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় । যাৰ বাবে চৰকাৰে এনে ডিগ্ৰীৰ মাধ্যমেৰে শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মূখীন হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে অসম চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত ডিগ্ৰীৰ উপৰি নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে ।

মুক্ত আৰু দূৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কেৱল জি ই আৰক ফ'কাছ কৰিলে সমগ্ৰ শিক্ষা ব্যৱস্থাটো ধ্বংস হৈ যাব । জি ই আৰৰ নামত আমি আমাৰ শিক্ষাৰ মান অৱনমিত কৰিব নোৱাৰো বুলি সদৰী কৰি তেওঁ কয় যে মুক্ত আৰু দূৰ শিক্ষাৰ পৰীক্ষা ব্যৱস্থাটোৰ সংস্কাৰ সাধন কৰিব লাগিব । য‍াতে ইয়াৰ ডিগ্ৰীক লৈ সকলোৰে বিশ্বাসযোগ্যতা থাকে । অফলাইন পৰীক্ষাৰ বিপৰীতে অনলাইন পৰীক্ষাৰ ফলাফল বহু বেছি ভাল হ'লে নিশ্চয় প্ৰশ্ন উত্থাপন হ'ব । ডিগ্ৰীৰ সমতাৰ ক্ষেত্ৰত থকা প্ৰশ্ন দূৰ হ'ব লাগিব বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে সহযোগী প্ৰবক্তাৰ ক্ষেত্ৰতো নিযুক্তিৰ বাবে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব । মুক্ত আৰু দূৰ শিক্ষাৰ গুৰুত্ব আছে যদিও ইয়াক লৈ থকা প্ৰশ্নসমূহ আঁতৰ কৰিব লাগিব । মুক্ত আৰু দূৰ শিক্ষাৰ যোগেদি অনুষ্ঠিত কৰা পৰীক্ষাৰ নিৰূপন আৰু নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত তেওঁ প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে ডিগ্ৰী তথা ছাৰ্টিফিকেট বেচড সমাজ আমাক নালাগে, আমাক লাগে মানবিশিষ্ট শিক্ষা । মুক্ত আৰু দূৰ শিক্ষাৰ পদ্ধতিটো সলনি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে অসম চৰকাৰ জি ই আৰৰ বিপৰীতে শিক্ষাৰ গুণগত মানক লৈ উদ্বিগ্ন ।

অনুষ্ঠানত ইন্দিৰা গান্ধী নেচনেল অ'পেন ইউনিভাৰ্চিটিৰ উপাচাৰ্য অধ্যাপক নাগেশ্বৰ ৰাৱে সন্মানিয় অতিথি হিচাবে অংশগ্ৰহণ কৰি মুক্ত আৰু দূৰ শিক্ষাৰ ব্যাপকতাৰ ওপৰত আলোকপাত কৰে । কেন্দ্ৰৰ 'স্বয়ং'ৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে ইয়াত দহ হাজাৰৰো অধিক পাঠ্যক্ৰম আছে আৰু বিনামূলীয়াকৈ শিক্ষাৰ্থীসকলে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিছে । তেওঁ শৈক্ষিক পাঠ্যক্ৰমৰ বাবে প্ৰৱৰ্তন কৰা চেনেলৰ কথাও সদৰী কৰে ।

মুক্ত আৰু দূৰ শিক্ষাৰ ক্ষেত্ৰত ইগন'ৰ বিশাল নেটৱৰ্কৰ কথা উল্লেখ কৰি তেওঁ অসমত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰসংগ সদৰী কৰে । ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ প্ৰসংগত তেওঁ কয় যে অনলাইন শিক্ষা ব্যৱস্থাত মাতৃভাষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । পাঠ্যক্ৰম মাতৃভাষাৰ মাধ্যমত কৰাৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্তই বক্তব্য আগবঢ়ায় । দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা সন্মিলনখনত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰি বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Scooty to Teachers in Assam: কেৱল ছাত্ৰীয়েই নহয়, শিক্ষক-শিক্ষয়িত্ৰীয়েও লাভ কৰিব স্কুটী

ABOUT THE AUTHOR

...view details