গুৱাহাটী, 9 জুলাই : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ 'জল জীৱন মিছন'ৰ (jal jiban mission) সৈতে জড়িত বিষয়াসকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (PUBLIC HELTH DEPARTMENT) কাৰ্যবাহী অভিযন্তা সকলৰ সৈতে এক সভাত মিলিত হয় । সভাত মিছনৰ অধীনত জিলা সমূহত চলি থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় ।
গুৱাহাটীৰ বশিষ্ঠস্থিত বিভাগীয় কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত মন্ত্ৰী দাসে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সকলৰ সৈতে জিলা সমূহত জলজীৱন মিছনৰ (jal jiban mission) অধীনত ৰূপায়িত হৈ থকা প্ৰকল্প তথা আঁচনি সমূহৰ কামকাজৰ বিষয়ে বিতংভাৱে বুজ লয় । জিলাসমূহত জলজীৱন মিছনৰ অধীনৰ আঁচনি তথা প্ৰকল্প সমূহ কেনেদৰে ৰূপায়িত হৈছে সেই বিষয়ে মন্ত্ৰী দাসক সভাত কাৰ্যবাহী অভিযন্তা সকলে অৱগত কৰে ।
উল্লেখযোগ্য যে, জলজীৱন মিছনৰ অধীনত এতিয়ালৈ ৰাজ্যখনৰ ৬ লাখ ৫০ হাজাৰ পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ সংযোগ পাইছে । চলিত জুলাই মাহৰ ভিতৰতে আৰু ৯০ হাজাৰটা পৰিয়ালে খোৱা পানীৰ সংযোগ লাভ কৰিব । সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে জলজীৱন মিছনৰ অধীনৰ আঁচনি সমূহৰ ৰূপায়ণৰ কাম অধিক তৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে জনসাধাৰণৰ মাজত বিশুদ্ধ খোৱাপানীৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।