গুৱাহাটী, 12 মার্চ : বর্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মহিলাসকলৰ আর্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে । এই মন্তব্য পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ (Minister Ranjeet Kumar Dass felicitates women beneficiaries) ।
শুকুৰবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আন্তর্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি পালন কৰা সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত এক অনুষ্ঠানত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (এমজি এনৰেগা) ৰ অধীনৰ ৭৫ গৰাকী মহিলা হিতাধিকাৰীক আনুষ্ঠানিকভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয় (Ranjit Dass inaugurate the renovated office of Research and Development Centre) । সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
ভাষণ প্ৰসংগত তেওঁ কয় যে, ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ দুখীয়া মহিলাসকলৰ সৰ্বাংগীণ কল্যাণ সাধন কৰি তেওঁলোকৰ আয় বৃদ্ধিৰ জৰিয়তে অর্থনৈতিকভাৱে শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে । সমাজৰ দুখীয়া মহিলাসকলে যাতে অর্থনৈতিক নিৰাপত্তা লাভ কৰে আৰু স্ব-নির্ভৰ হ'ব পাৰে, তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, আত্মসহায়ক গোটসমূহক অধিক সক্ৰিয় আৰু উৎপাদনমুখী কৰিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
তেওঁ লগতে কয় যে, গ্ৰামাঞ্চলৰ অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত আত্মসহায়ক গোটসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে । ৰাজ্যখনত তিনি লাখ মহিলা আত্মসহায়ক গোটৰ সৰ্বমুঠ ৩০ লাখ সদস্যা আছে । এই আত্মসহায়ক গোটৰ প্ৰতি গৰাকী সদস্যৰে আয় বছৰত ১ লাখ টকালৈ পর্যায়ক্ৰমে বৃদ্ধি কৰিবৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে । অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা, এম জি এনৰেগা আদি বিভিন্ন আঁচনিৰ পৰা হিতাধিকাৰীয়ে লাভ কৰা সা-সুবিধাৰ এক আভাস দাঙি ধৰে ।