অসম

assam

By

Published : Aug 6, 2021, 2:16 PM IST

ETV Bharat / state

গ্ৰাম্য কৰৰ কথা কৈ বিপদত ৰণজিৎ কুমাৰ দাস : পদত্যাগৰ দাবী বিৰোধীৰ

চলিত বিধানসভাৰ বাজেট অধিৱেশন (Assembly Budget Session)ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjeet Kumar Das)ই গ্ৰাম্য কৰ (Rural Tax) সন্দৰ্ভত কৰা ঘোষণাৰ ওলোটা মন্তব্য় কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷ বিভাগীয় মন্ত্ৰীৰ এনে সিদ্ধান্তৰ বাবে মন্ত্ৰী দাসক মন্ত্ৰীসভাৰ পৰা পদত্যাগৰ দাবী উত্থাপন বিৰোধী বিধায়কৰ ৷

minister-ranjeet-kumar-das-in-danger
গ্ৰাম্য কৰৰ কথা কৈ বিপদত ৰণজিৎ কুমাৰ দাস

গুৱাহাটী,6 আগষ্ট : এতিয়াৰে পৰা গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰিলে চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব । আনকি দোকান বহুৱালেও চৰকাৰক কৰ (Rural Tax) পৰিশোধ কৰিব লাগিব বুলি কৰা মন্তব্য যেন এতিয়া বুমেৰাং স্বৰূপহে হৈ পৰিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjeet Kumar Das)ৰ বাবে । কিন্তু বিভাগীয় মন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই স্পষ্ট কৰি দিয়ে যে, এনেধৰণৰ অনুমতি বা কৰ পৰিশোধ কৰাক লৈ চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ।

স্পষ্টীকৰণ

মুখ্যমন্ত্ৰীৰ এনে স্পষ্টীকৰণৰ পাচতে শুকুৰবাৰে মন্ত্ৰী ৰণজিৎ দাসৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে বিৰোধী বিধায়কসকল । বিধানসভাৰ বাজেট অধিৱেশন (Assembly Budget Session) চলি থকাৰ মাজতে সদনৰ বাহিৰত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীক মন্ত্ৰীসভাৰ পৰা আঁতৰোৱাৰ দাবী তোলে কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দেৱ পুৰকায়স্থ (Kamalakhya Dey Purkayastha) আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে । বিধায়কদ্বয়ে মন্ত্ৰী দাসক তাৎক্ষনিকভাৱে মন্ত্ৰীসভাৰ পৰা অপশাসনৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক :ৰাজ্য চৰকাৰৰ টোঘলকী সিদ্ধান্তৰ বিৰোধিতা ৰাইজৰ দলৰ

মন কৰিবলগীয়া যে, বিভাগীয় মন্ত্ৰী হিচাপে ৰণজিৎ কুমাৰ দাসে আনুষ্ঠানিকভাৱে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল যদিও ইয়াৰ ঠিক এদিনৰ পাচতে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্তটো নাকচ কৰা ঘটনাই চৰকাৰখনৰ মাজত সমন্বয়হীনতাৰ ছবিখন স্পষ্ট ৰূপত দাঙি ধৰিছে । কৰ (Tax)ৰ ক্ষেত্ৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ঘোষণা কৰা এই নতুন সিদ্ধান্তক লৈ তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য ৷

চৰকাৰৰ এই টোঘলকী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ (Protest) সাব্যস্ত কৰি আছে বিৰোধী দল-সংগঠনসমূহে ৷ বিভাগীয় মন্ত্ৰীৰ ঘোষণাৰ এদিনৰ পাচতে মুখ্যমন্ত্ৰীৰ ওলোটা মন্তব্যই এতিয়া চৰকাৰৰ ভিতৰচৰাত আউল লাগি থকাৰ ইংগিত প্ৰদান কৰিছে ৷

লগতে পঢ়ক :অসম আৰু মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত মুখমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details