অসম

assam

ETV Bharat / state

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিভাগৰ কাৰ্যালয়ত মন্ত্রী ৰণজিৎ দাস

গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু আৰ্থ সামাজিক দিশটো অধিক টনকিয়াল কৰাৰ স্বাৰ্থত লোৱা পৰিকল্পনা আৰু আঁচনিসমূহ কেনেদৰে এশ শতাংশ কাৰ্যকৰী কৰিব পৰা যায় সেই বিষয়ে বিভাগটোৰ বিষয়ববীয়া সকলৰ সৈতে বিশদ আলোচনা।

minister ranajit das
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিভাগৰ কাৰ্যালয়ত মন্ত্রী ৰণজিৎ দাস

By

Published : Jun 20, 2021, 8:22 PM IST

গুৱাহাটী,২০ জুন :বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দেওবাৰে "অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান"(Assam State Rural Livelihood Mission) বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় কাম-কাজৰ পৰ্যালোচনা কৰে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ(panchayat and rural development) মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছত বিভাগীয় মন্ত্ৰী স্বৰূপে দেওবাৰে প্ৰথমবাৰৰ বাবে "অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান"(Assam State Rural Livelihood Mission) দপ্তৰৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্রীগৰ‍কীয়ে বিষয়-ববীয়াসকলৰ সৈতে মত-বিনিময় কৰি পৰ্যালোচনা বৈঠক সম্বোধন কৰে । বৈঠকত মন্ত্রীগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিভাগৰ অধীনত গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়ন(Development) আৰু আৰ্থ সামাজিক দিশটো অধিক টনকিয়াল কৰাৰ স্বাৰ্থত লোৱা পৰিকল্পনা আৰু আঁচনিসমূহ কেনেদৰে এশ শতাংশ কাৰ্যকৰী কৰিব পৰা যায় সেই বিষয়ে বিভাগটোৰ বিষয়-ববীয়াসকলৰ সৈতে বিশদভাৱে আলোচনা কৰে ।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিভাগৰ কাৰ্যালয়ত মন্ত্রী ৰণজিৎ দাস

আনহাতে গ্ৰামাঞ্চলৰ মহিলাসকলক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ বাবে আত্মসহায়ক গোট (Self Help group) সমূহ সংগঠিত কৰাৰ লগতে মহিলাসকলৰ গোট সমূহৰ সৈতে জড়িত হৈ কেনেদৰে স্ব-নিৰ্ভৰশীলতাৰ বাটত সক্ষম খোজ দি "আত্মনিৰ্ভৰ অসম"ৰ(Atmanirvar Asom) সপোনক সফল ৰূপায়ণত এক শক্তিশালী ভূমিকা ল'ব পাৰে সেই সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় । ইফালে এই বৈঠকত বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে । মন্ত্ৰীগৰাকীয়ে এই বৈঠকত বিষয়াসকলক গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ বাবে নিৰ্দেশ দিয়ে ।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিভাগৰ কাৰ্যালয়ত মন্ত্রী ৰণজিৎ দাস

লগতে অসমৰ প্ৰতিখনে গাঁৱৰ ৰাইজে যাতে বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰে তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । বৈঠকত বিভাগৰ বিভিন্ন সমস্যাসমূহৰ বিষয়েও বুজ লয় মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে প্ৰথমবাৰলৈ বিভাগৰ কাৰ্যালয়ত উপস্থিত হোৱা মন্ত্ৰী ৰণজি কুমাৰ দাসক বিভাগৰ বিষয়-ববীয়াসকলে বিশেষভাৱে আদৰণি জনাই । মন্ত্ৰীগৰাকীয়ে শপত লোৱাৰ পিছতে বিভিন্ন স্থানলৈ গৈ সেই অঞ্চলৰ ৰাইজক বিভাগটোৰ জৰিয়তে সুবিধা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছিল ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীলৈ বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ পৰামৰ্শ পত্ৰ

ABOUT THE AUTHOR

...view details