অসম

assam

ETV Bharat / state

Constituency delimitation: নিজকে জনমানসত সৰু নকৰিব; অখিল গগৈলৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ আহ্বান

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই খিলঞ্জীয়া লোকৰ অস্তিত্বৰ শংকা কিছু পৰিমাণে হলেও লাঘৱ কৰিব ৷ এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰীকাৰ ৷ এই খচৰা খিলঞ্জীয়াৰ সপক্ষে থকা বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷

Constituency delimitation
Constituency delimitation

By

Published : Jun 22, 2023, 4:49 PM IST

অখিল গগৈলৈ কি আহ্বান পীযুষ হাজৰীকাৰ ?

গুৱাহাটী, ২২ জুন:এই প্ৰস্তাৱিত খচৰা অনুসৰি ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে 102 টা সমষ্টিত খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত হ’ব ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ ইফালে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি জনাই বিৰোধী বিধায়ক অখিল গগৈৰ প্ৰতি সমালোচনাত মুখৰ হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰীকা ৷

বৃহস্পতিবাৰে মন্ত্ৰী হাজৰীকাই কয় যে অসমৰ ৰাইজৰ লগতে বিজেপিও নিশ্চিত যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই খিলঞ্জীয়া লোকৰ অস্তিত্বৰ সংকটৰ আশংকা কিছু পৰিমাণে হ’লেও লাঘৱ কৰিব ৷

খচৰাখনৰ বিৰুদ্ধে সৰৱ হৈ পৰা অখিল গগৈৰ প্ৰতি একাধিক প্ৰশ্ন উত্থাপন কৰিলে পীযুষ হাজৰীকাই ৷ নতুনকৈ মায়ং গঠন কৰি সমষ্টিত বাংলাদেশী মূলৰ হিন্দু বঙালীৰ তুষ্টিকৰণৰ বাবে বিজেপিয়ে আয়োগক প্ৰভাৱিত কৰাৰ অভিযোগ অখিল গগৈয়ে কিহৰ ভিত্তিত কৰিলে বুলি প্ৰশ্ন মন্ত্ৰীগৰাকীৰ ৷ কিয়নো আয়োগৰ দ্বাৰা প্ৰকাশিত খচৰাৰ প্ৰস্তাৱত কোনো মায়ং সমষ্টিৰ উল্লেখেই নাই ৷

অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলকে ধৰি সন্মিলিত মুঠ ১২ টা বিৰোধী দলক মৰিগাঁও সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰিবলৈ দাবী জনালে চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈ নিৰ্বাচন আয়োগক অনুমোদন জনাবলৈ আহ্বান জনাব ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰসংগত তিৱাসকলক বঞ্চিত কৰাৰ অভিযোগ তুলি অনুসূচিত জনজাতিৰ বাবে মৰিগাঁও সমষ্টিটো সংৰক্ষণৰ দাবী তুলিছে অখিল গগৈয়ে ৷

এই প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই কৌশলেৰে বল ঠেলিলে অখিল গগৈলৈ ৷ লগতে মন্ত্ৰীজনৰ অখিল গগৈলৈ আহ্বান,‘‘খিলঞ্জীয়াৰ সপক্ষে থকা খচৰাখনৰ বিৰোধিতা কৰি নিজকে আপুনি জনমানসত সৰু নকৰিব ৷’’

লগতে পঢ়ক:Constituency delimitation: ক’ত কি কি সমষ্টিৰ ৰূপৰেখা সলনি হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা ?

ABOUT THE AUTHOR

...view details