গুৱাহাটী, ২আগষ্ট:ঝাৰখণ্ডত বৰ্তমানৰ চৰকাৰখনৰ পতন ঘটাই বিজেপি চৰকাৰ গঠনৰ পথ প্রশস্ত কৰি কংগ্ৰেছৰ বিধায়ক কিনা-বেচাৰ বিষয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ পৰা বিষয়টো সম্পূৰ্ণভাবে নস্যাৎ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এই সমগ্ৰ বিষয়টোৰ লগত জড়িত নাই বুলি মঙলবাৰে মন্ত্ৰী হাজৰিকাই টুইটাৰ যোগে ষ্পষ্ট কৰে(Minister Piyush Hazarika tweet on allegation against Assam CM)। মন্ত্ৰী হাজৰিকাই টুইটাৰ যোগে কয় যে বিধায়ক কুমাৰ জয়মংগলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে ।
উল্লেখ্য় যে পশ্চিমবংগ আৰক্ষীয়ে যোৱা দেওবাৰৰ সন্ধিয়া হাওৰা জিলাৰ ৰাণীহাতিত ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক ইৰফান আনছাৰি, ৰাজেশ কাচ্চাপ আৰু নমন বিক্ষল কংগাৰীক প্রায় ৫০ লাখ টকাসহ গ্ৰেপ্তাৰ কৰিছিল । কংগ্ৰেছ বিধায়ককেইগৰাকীক গ্রেপ্তাৰৰ পাছতে কংগ্ৰেছ দলে তোলা গুৰুতৰ অভিযোগত সাঙোৰ খাই পৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নাম । কংগ্ৰেছে উত্থাপন কৰা অভিযোগ অনুসৰি বিজেপিয়ে ঝাৰখণ্ডৰ জে এম এম নেতৃত্বাধীন চৰকাৰখনৰ পতন ঘটাবলৈ তেওঁলোকৰ বিধায়কসকলক ১০ কোটি টকাকৈ দিব খুজিছিল । এই সন্দৰ্ভত ইতিমধ্যে গ্রেপ্তাৰ হোৱা বিধায়ককেইগৰাকীক দলৰ পৰা নিলম্বন কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে দলে আৰক্ষীক এজাহাৰ দিছিল ।