অসম

assam

ETV Bharat / state

Amrit Kalash Yatra: অমৃত কলহে কংগ্ৰেছত লগালে কলহ; ভূপেন বৰালৈ মন্ত্ৰী পীযুষৰ চিঠি - অমৃত কলহ যাত্ৰাত কংগ্ৰেছ বিধায়ক

‘অমৃত কলহ যাত্ৰা’ত কংগ্ৰেছী বিধায়কে অংশগ্ৰহণ কৰাক লৈ দলটোৰ ভিতৰত হোৱা অন্তঃকন্দলক লৈ চৰকাৰী পক্ষয়ো মাত এষাৰ দিছে ৷ দেওবাৰে ভূপেন বৰালৈ পত্ৰ লিখি ভালেকেইটা কথা ক’লে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

Pijush Hazarika letter to Bhupen Borah
ভূপেন বৰালৈ পীযুষ হাজৰীকাৰ পত্ৰ

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 8:35 PM IST

গুৱাহাটী, ৮ অক্টোবৰ : বিজেপি চৰকাৰৰ 'অমৃত কলহ যাত্ৰা'ই একপ্ৰকাৰে যেন কংগ্ৰেছ দলক শলঠেকত পেলাইছে । চৰকাৰখনৰ এই কাৰ্যসূচীক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ দলে নিজেই সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে । সমালোচনাৰ সন্মুখীন হোৱাৰ উপৰিও দলটোত সৃষ্টি হৈছে 'কন্দল'ৰ । কাৰণ প্ৰদেশ কংগ্ৰেছ তথা দলীয় নেতৃত্বই অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ বিৰোধিতা কৰাই নহয় ইয়াক কঠোৰ ভাষাৰে সমালোচনা কৰিছে । কিন্তু ইয়াৰ পাছতো কংগ্ৰেছৰ তিনিজনকৈ বিধায়কে চৰকাৰীভাৱে আয়োজন কৰা এই অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰিলে ।

উল্লেখ্য যে দলৰ স্থিতিৰ বিপৰীতে অমৃত কলহ যাত্ৰাত ভাগ লৈছিল তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে । যাক লৈ দলৰ নেতা-কৰ্মীসকলক বিশেষভাৱে অসন্তুষ্ট হৈ পৰিছে । আনকি প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাই দলৰ সকলো বিষয়-বাব ত্যাগ কৰাৰ বাবে সাজু হৈছে ।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত দলৰ একাংশ নেতাই দলীয় পদবী ত্যাগ কৰাৰ হুংকাৰ দিছে । অৱশ্যে ইতিমধ্যে সংশ্লিষ্ট বিধায়ককেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰদেশ কংগ্ৰেছে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বক অভিযোগ দাখিল কৰিছে ।

লক্ষ্যণীয় বিষয় যে এই সমগ্ৰ বিষয়টো ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চিত হৈছে আৰু শাসকীয় পক্ষৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে প্ৰদেশ কংগ্ৰেছ । ইয়াৰ মাজতে এই বিষয়টোৰ প্ৰসংগত দেওবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

চৰকাৰী পেডত দিয়া পত্ৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে দিয়া বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰিছে । ভূপেন বৰাক সম্বোধন কৰি পত্ৰখনত মন্ত্ৰী হাজৰীকাই লিখিছে এইদৰে...

ভূপেন বৰালৈ পীযুষ হাজৰীকাৰ পত্ৰ

‘‘নমস্কাৰ গ্ৰহণ কৰিব । এক বিশেষ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে আপোনালৈ এই পত্ৰ প্ৰেৰণ কৰিলোঁ । বিগত কেইটামান দিনত ভাৰত চৰকাৰৰ কাৰ্যসূচী ‘অমৃত কলহ যাত্ৰা'ত আপোনাৰ দলৰ একাংশ বিধায়কৰ অংশগ্ৰহণক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে । এই কাৰ্যসূচীত অংশ লোৱা বিধায়কসকলক জবাবদিহি কৰাৰ লগতে আপোনাৰ দলে দলীয় বিধায়কসকলক ভৱিষ্যতে এনে কাৰ্যসূচীত অংশ নল’বলৈ নিৰ্দেশ দিয়া বুলি প্ৰকাশ পাইছে । কিন্তু আপোনাৰ দলৰ এনে স্থিতিয়ে আমাক যথেষ্ট বিভ্ৰান্ত কৰিছে । বিগত সময়ছোৱাত বিৰোধী দলপতিকে ধৰি একাংশ কংগ্ৰেছ বিধায়কে বিধানসভাৰ ভিতৰে বাহিৰে তেওঁলোকক বিভিন্ন চৰকাৰী কার্যসূচীলৈ আমন্ত্ৰণ নজনোৱা বুলি আপত্তি দৰ্শাই আহিছে । কিন্তু আপোনাৰ দলৰ বিধায়কসকলক ‘অমৃত কলহ যাত্ৰা’কে ধৰি এনে চৰকাৰী কাৰ্যসূচীত অংশ নল’বলৈ নিৰ্দেশ দিয়া বুলি প্ৰকাশিত তথ্যই যথেষ্ট বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । আগন্তুক সময়ছোৱাত ৰাজ্য চৰকাৰৰ ‘খেল মহাৰণ’, ‘সাংস্কৃতিক মহাসংগ্ৰাম’ আদি কাৰ্যসূচী তথা এছ ডি এল এ চি, দিশা আদি বৈঠকলৈ আপোনাৰ দলৰ বিধায়কসকলক আমন্ত্ৰণ জনাব লাগিব নে নালাগে, সেয়া আমি ঠিৰাং কৰিব পৰা নাই । আপোনালোকে যদি দলটোৰ বিধায়কসকলে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো নিবিচাৰে, তেন্তে আপুনি তথা আপোনাৰ দলে সেয়া স্পষ্ট কৰি দিয়া উচিত । সেয়ে, ভৱিষ্যতে যিকোনো চৰকাৰী কাৰ্যসূচীলৈ আপোনাৰ দলৰ বিধায়কসকলক আমন্ত্ৰণ জনাব লাগিব নে নালাগে, সেই বিষয়টো ৰাজহুৱাভাৱে স্পষ্ট কৰি দিবলৈ মই আপোনাক এই পত্ৰৰ জৰিয়তে আহ্বান জনালোঁ ।’’

পত্ৰখনৰ যোগেদি চৰকাৰী অনুষ্ঠানত কংগ্ৰেছৰ বিধায়কসকলক নিমন্ত্ৰণ জনাব নে নাই সেয়া স্পষ্ট কৰাৰ বাবে কংগ্ৰেছ দলক কোৱা হৈছে । স্বাভাৱিকতে চৰকাৰী অনুষ্ঠানত সকলো দলৰ জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব পাৰে । কিন্তু দলীয়ভাৱে স্পষ্টকৈ বাৰণ কৰাৰ পাছতো তিনিজনকৈ বিধায়কে সেই কাৰ্যসূচীত ভাগ লোৱাকলৈ অস্বস্তিত পৰিছে কংগ্ৰেছ দল । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে কংগ্ৰেছৰ তিনিগৰাকী নহয়, ৯ গৰাকীকৈ বিধায়কে চৰকাৰৰ অমৃত কলহ যাত্ৰাত ভাগ লৈছিল । তেনেস্থলত এই সমগ্ৰ বিষয়টোক কংগ্ৰেছ দলে কি ভাবে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । একেদৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্ৰৰ উত্তৰত ভূপেন বৰাই কি কয় সেয়াও লক্ষণীয় হ'ব ।

লগতে পঢ়ক:Amrit Kalash Yatra: মন্ত্ৰী সিংহলে বুজাইছে; আবেগৰ লগত খেলা কৰাৰ অধিকাৰ কাৰো নাই

ABOUT THE AUTHOR

...view details