অসম

assam

ETV Bharat / state

Erosion in Kamrup:কামৰূপৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Erosion in Kamrup

কামৰূপ জিলাৰ দকুৱাপাৰাত খহনীয়া আক্ৰান্ত অঞ্চল পৰ্যবেক্ষণ মন্ত্ৰী পীযুষ হাজৰীকাৰ । গুমীত জলসম্পদ বিভাগৰ সম্পূৰ্ণ হোৱা খহনীয়াৰোধৰ কাম পৰিদৰ্শন । ছয়গাঁও আৰু পলাশবাৰী সমষ্টিত নিৰ্মিত ব্ৰহ্মপুত্ৰৰ পাৰৰ ২৩ কিল'মিটাৰ অংশৰ মথাউৰি তথা পকীপথ পৰিদৰ্শন জলসম্পদ মন্ত্ৰীগৰাকীৰ ।

Erosion in Assam
খহনীয়া আক্ৰান্ত অঞ্চলত মন্ত্ৰী পীযুষ হাজৰীকা

By

Published : Aug 1, 2023, 7:43 PM IST

গুৱাহাটী, ১ আগষ্ট: জলসম্পদ,তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কামৰূপ জিলাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি খহনীয়া আক্ৰান্ত অঞ্চলৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে লগতে বিভাগীয়ভাৱে সম্পূৰ্ণ হোৱা খহনীয়া প্ৰতিৰোধী কামো পৰিদৰ্শন কৰে । মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰথমতে ছয়গাঁও সমষ্টিৰ যোগীবাৰীৰ দকুৱাপাৰা অঞ্চলত উপস্থিত হৈ কুলসী নদীয়ে খহনীয়া সৃষ্টি কৰা দুটা স্থানত জলসম্পদ বিভাগে কৰি থকা জৰুৰীকালীন খহনীয়াৰোধৰ কাম পৰ্যবেক্ষণ কৰে । এই স্থানটোত কুলসী নদীৰ পাৰৰ পথটো খহনীয়াত আক্ৰান্ত হৈ কাষৰীয়া অঞ্চলটোৰ ৰাইজক আশংকিত কৰি ৰাখিছিল ।

খহনীয়া আক্ৰান্ত অঞ্চলত মন্ত্ৰী পীযুষ হাজৰীকা

উল্লেখ্য় যে এই বিষয়ে জানিবলৈ পাৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই বিভাগক জৰুৰীভাৱে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল । আজি এই অঞ্চলটো পৰিভ্ৰমণ কৰি মন্ত্ৰী হাজৰীকাই জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগৰ অভিযন্তাসকলক খহনীয়াত আক্ৰান্ত পথটো বহল কৰি খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় সকলো কাম হাতত লবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ গুমী অঞ্চলত উপস্থিত হৈ অঞ্চলটোত জলসম্পদ বিভাগে ইতিমধ্যে সম্পূৰ্ণ কৰা খহনীয়া প্ৰতিৰোধী আঁচনিৰ অধীনৰ কামসমূহ পৰিদৰ্শন কৰে ।

উল্লেখযোগ্য যে অঞ্চলটোত জলসম্পদ বিভাগে চাৰিটা আঁচনিৰ অধীনত প্ৰায় ১১.১৫ কোটি টকা ব্যয়েৰে এক কিল’মিটাৰ দৈৰ্ঘ্যৰ অংশত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে কাম সম্পূৰ্ণ কৰিছে । মন্ত্ৰীগৰাকীয়ে আজি এই অঞ্চলটো পৰিদৰ্শন কৰি বৰ্তমানৰ পৰিস্থিতিৰ বুজ লৈ খহনীয়া প্ৰতিৰোধী কামত সন্তুষ্টি প্ৰকাশ কৰে । জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই অঞ্চলৰ পৰাই ছয়গাঁও আৰু পলাশবাৰী সমষ্টিৰ অধীনত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ২৩ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি তথা পকীপথেৰে যাত্ৰা কৰি এই মথাউৰি তথা পকী পথ পৰিদৰ্শন কৰে ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে এক অভিলাসী আঁচনিৰ অধীনত বৰ্তমানলৈকে ৰাজ্যখনৰ প্ৰায় ১২০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিক পকী পথলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে । মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, কামৰূপ জিলাৰ জিলা আয়ুক্ত আৰু আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Jal Jeevan Mission corruption:বিলাসীপাৰাত "ঘৰ ঘৰ নল, ঘৰ ঘৰ জল" শ্ল’গান পৰিণত হৈছে ফ্লপ শ্ব’ত

For All Latest Updates

ABOUT THE AUTHOR

...view details