অসম

assam

ETV Bharat / state

Minister Pijush Hazarika: নগাঁৱত কোনে কাক ছুৰী মাৰে তাকে চাবলৈ ৰৈ আছে বিজেপি - MP Pradyut bordoloi

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ ‘‘টকাৰ বাবেহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছে ৷ দল চলোৱাটো কংগ্ৰেছৰ মূল লক্ষ্য নহয়, টকা ঘটাহে তেওঁলোকৰ মূল লক্ষ্য ৷’’ এই মন্তব্য মন্ত্ৰী হাজৰীকাৰ ৷

Minister Pijush Hazarika
নগাঁৱত প্ৰদ্যুৎ বৰদলৈয়ে নে প্ৰদ্যুৎ বৰদলৈক ছুৰী মাৰি গৌৰৱ গগৈয়ে টিকট পায় তাৰ কাৰণে চাই আছে বিজেপিয়ে

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:12 PM IST

নগাঁৱত প্ৰদ্যুৎ বৰদলৈয়ে নে প্ৰদ্যুৎ বৰদলৈক ছুৰী মাৰি গৌৰৱ গগৈয়ে টিকট পায় তাৰ কাৰণে চাই আছে বিজেপিয়ে

গুৱাহাটী, 16 অক্টোবৰ : “এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । আমি 11 খন আসনত জিকিমেই, 12 খনতো জিকিব পাৰো । আমি নগাঁৱত তীব্ৰ যুঁজ দিম । নগাঁৱত যিহেতু সংখ্যালঘু ভোটাৰৰ সংখ্যা বেছি, গতিকে আমি তীব্ৰ যুঁজ দিম ।” এই মন্তব্যৰে আগন্তুক লোকসভা নিৰ্বাচনক লৈ পুনৰ এবাৰ বিজেপিৰ সম্ভাব্য ফলাফলক লৈ মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ । লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সোমবাৰে এই মন্তব্য আগবঢ়ায় মন্ত্ৰী হাজৰীকাই ।

লগতে মন্ত্ৰী হাজৰীকাই নগাঁও লোকসভা সমষ্টিৰ প্ৰসংগত কয়, “এই সমষ্টিটো কোনো কাৰণত এৰি দিয়া নহ’ব । আমি চাই আছো প্ৰাৰ্থী কোন হয় । ইয়াত বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে টিকট পায় নে প্ৰদ্যুৎ বৰদলৈক ছুৰী মাৰি গৌৰৱ গগৈয়ে টিকট পায় তাৰ কাৰণে আমি চাই আছো । তাৰ পাচত নিশ্চয়কৈ আমি দলৰ ফালৰ পৰা ব্যৱস্থা ল’ম ।”

আনহাতে ৰাজ্যৰ বিৰোধী একগোট হোৱা সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰীকাই বিৰোধী একগোট হৈ একো লাভ নাই বুলি মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে, ভূপেন বৰাই অসমৰ 14 টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দেখোন দিয়ে দিলে ।

অ জা পই প্ৰাৰ্থী দিয়া বুলি মন্তব্য কৰি মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত আম আদমি পাৰ্টিয়ে প্ৰাৰ্থী দিয়াৰ প্ৰসংগও টানি আনে মন্ত্ৰী হাজৰীকাই । ‘‘পুৰণি ৰেকৰ্ড যদি চায়, মই আজি 6 মাহৰ আগতে কৈছিলো যে এই মিত্ৰতা নিৰ্বাচনলৈকে নাথাকে। তেওঁলোকে প্ৰাৰ্থী দিওতে এই মিত্ৰতা শেষ হৈ যাব ’’ বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে ।

এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে এজন ৰাজনৈতিক ব্যক্তিৰ প্ৰসংগ উত্থাপন কৰি এক বিস্ফোৰক অভিযোগ আনে । মন্ত্ৰী হাজৰীকাৰ কয়, “মই তেওঁৰ নাম নকওঁ, তেওঁ কংগ্ৰেছৰ সহযোগী দলৰ এজন নেতা মানে I.N.D.I.Aৰ এগৰাকী নেতা ৷ কংগ্ৰেছ দলৰ নহয় ৷ নেতাজনে কৈছে যে কংগ্ৰেছ দলে কিয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ? তেওঁ হেনো কংগ্ৰেছ দলক সুধিছিল যে আপোনালোকে কিয় আমাৰ সৈতে আলোচনা নকৰাকৈ টিকট দিলে ! তেতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা হেনো তেওঁক কোৱা হ’ল যে প্ৰাৰ্থী ঘোষণা কৰিলে তেওঁলোকে অলপ পইচা বেছিকৈ ল’ব পাৰে । গতিকে তেওঁলোকৰ গোটেই ছিষ্টেমটোৱেই হ’ল পইচা লোৱা ।”

লগতে পঢ়ক:MLA Bhubon Pegu : ইপাৰো নহ’ল, সিপাৰো নহ’ল ভূবন পেগু; কংগ্ৰেছলৈকে আমন্ত্ৰণ

ABOUT THE AUTHOR

...view details