গুৱাহাটী, 21 আগষ্ট : "অসমত কেন্সাৰত আক্ৰান্ত হৈছে কংগ্ৰেছে দল ৷ কংগ্ৰেছে প্ৰথমে নিজৰ কেন্সাৰ নাইকীয়া কৰক ৷ তাৰ পিছত আনৰ কথাত মাত মাতিব ৷" সোমবাৰে এই মন্তব্যৰে কংগ্ৰেছক তুলা-ধুনা অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰীকাৰ ৷ প্ৰদেশ কংগ্ৰেছ কেন্সাৰত আক্ৰান্ত হৈছে বুলি কংগ্ৰেছক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মন্ত্ৰীগৰাকীয়ে বিশেষকৈ আক্ৰমণৰ লক্ষ্য কৰি ল’লে গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৷
শেহতীয়াকৈ তুংগত থকা বিজেপিৰ ন-পুৰণিৰ সংঘাত আৰু ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই উদঙাই দিয়া চাকৰিৰ নামত বিজেপিৰ একাংশ নেতা-কৰ্মীৰ দালালী প্ৰসংগত সৰৱ হৈ উঠিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ ৷ তাৰেই প্ৰত্যুত্তৰ দিছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ “বিজেপি দলত কথা কোৱাৰ অধিকাৰ সকলোৰে আছে ৷ ক’ব লগা থাকিলে সকলোৱে ক’ব পাৰে ৷ মাৰ-পিট, চকী দলিওৱা-দলি আদিৰ ইয়াত স্থান নাই ৷ কংগ্ৰেছ নেতা সকললৈ মোৰ অনুৰোধ, প্ৰথমে নিজৰ ঘৰখনলৈ মন দিয়ক তেঁওলোকে ৷ ভূপেন বৰা, গৌৰৱ গগৈ আৰু জাকিৰ হুচেইন শিকদাৰ আদিয়ে এই কেইদিন বিজেপিক সমালোচনা কৰা দেখিছো ৷ কংগ্ৰেছৰ সভাত চকী ভঙা, দলিওৱা, মাৰ-পিট আদিৰ খবৰ মাহেকত দুবাৰকৈ আহে ৷ ” বাতৰি কাকতত কংগ্ৰেছৰ সভাত মাৰ-পিট আদিৰ দুটা বাতৰি দেখুৱাই বিৰোধী দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে পীযুষ হাজৰিকা ৷
আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা ৷ সভাপতি বৰাক আক্ৰমণ কৰি মন্ত্ৰীজনে কয় “ আপুনি আৰু মহাভাৰতৰ কথা নক’ব ৷ ভগৱান কৃষ্ণক লাভ জিহাদী সজোৱা মানুহে নিজকে অৰ্জুন বুলি ক’লে নুশুৱায় ৷ প্ৰথমে নিজৰ দলৰ মাৰ-পিট বন্ধ কৰক ৷ তাৰ পিছত আমাৰ দলক সমালোচনা কৰক ৷”