অসম

assam

ETV Bharat / state

Pijush Hazarika: ভূপেন বৰালৈ এইবাৰ কি অনুৰোধ মন্ত্ৰী পীযুষ হাজৰীকাৰ ?

বিগত চাৰে সাতটা বছৰত প্ৰত্যেকটো নিৰ্বাচনতে আমি জিকিছো, আমাৰ মিত্ৰজোঁট জিকিছে, অন্ততঃ আৰু ১০-১৫ বছৰ বেলেগ কোনো পাৰ্টীয়ে জিকিব নোৱাৰে, আমিয়েই জিকিম, আমাৰ মিত্ৰজোঁট জিকিব- দাবী মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো প্ৰত্যাহ্বান ৷

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:00 PM IST

Updated : Sep 29, 2023, 8:17 PM IST

Pijush Hazariak
Pijush Hazariak

ভূপেন বৰালৈ এইবাৰ কি অনুৰোধ মন্ত্ৰী পীযুষ হাজৰীকাৰ ?

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: লোকসভা নিৰ্বাচনকে ধৰি অনাগত আন সকলো নিৰ্বাচনক লৈ অধিক আত্মবিশ্বাসী মন্ত্ৰী পীযুষ হাজৰীকা । অহা ১০-১৫ বছৰলৈ বিজেপিয়েই সকলো নিৰ্বাচনতে জিকিব বুলি দাবী মন্ত্ৰী হাজৰীকাৰ ।

“যোৱা চাৰে সাতটা বছৰত অসমত যিমান নিৰ্বাচন হৈছে প্ৰত্যেকটো নিৰ্বাচনতে বিজেপি আৰু মিত্ৰজোঁট জিকি আছে । বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন আৰু যদি ক’ৰবাত উপ-নিৰ্বাচন হৈছে, কাউঞ্চিলৰ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন হৈছে, প্ৰত্যেকটো নিৰ্বাচনতে আমি জিকিছো । আৰু অনাগত সময়ত অন্ততঃ ১০-১৫ বছৰ আৰু বেলেগ কোনো পাৰ্টীয়ে জিকিব নোৱাৰে । আমিয়েই জিকিম, আমাৰ মিত্ৰজোঁট জিকিব,” এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

কোকৰাঝাৰৰ পৰা তামাৰহাটত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত শুকুৰবাৰে এই মন্তব্য কৰে । তেওঁ কয়,“আমি জিকি আছো, কাৰণ আমি ৰাইজৰ কাম কৰিছো । মিছা প্ৰতিশ্ৰুতি দিয়া নাই । যি যি প্ৰতিশ্ৰুতি দিছিলো আপোনালোকে যদি অলপ মনত পেলায়, যোৱা নিৰ্বাচনৰ কথাই যদি মনত পেলায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে মহিলাসকলক মাক্ৰ’ফাইনেন্সৰ ঋণৰ পৰা মুক্তি দিব । আমি সেইটোও কৰিলো ।”

লগতে মন্ত্ৰী হাজৰিকাই কয়, “মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে ১ লাখ চাকৰি দিব, ১ লাখৰ ৮৫ হাজাৰ চাকৰি আমি দি দিলো । আমি কৈছিলো যে অৰুণোদয়ৰ টকা আমি বঢ়াম । ৮৫০ টকাৰ পৰা আৰম্ভ হোৱা অৰুণোদয়ৰ টকা ১৪০০ টকা লৈ বৃদ্ধি কৰা হৈ গ’ল । কৈছিলো যে অৰুণোদয়ৰ সংখ্যা বঢ়াম, য’ত প্ৰথমে আছিলে ১৮ লাখ এতিয়া অৰুণোদয়ৰ সংখ্যা হৈছে প্ৰায় ২৫-২৬ লাখ । গতিকে এটা প্ৰতিশ্ৰুতিও আমি পালন নকৰাকৈ থকা নাই ।”

ৰাস্তা-ঘাটৰ সন্দৰ্ভত ক’তো এতিয়া বেয়া ৰাস্তা নাই বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয়,“এতিয়া মই কোকৰাঝাৰৰ পৰা তামাৰহাটলৈ আহিছো, গাঁৱৰ ভিতৰে ভিতৰে আহিছো । ক’তো এটা বেয়া ৰাস্তা নাই। ... তাৰ উপৰি আমাৰ চৰকাৰে অসমীয়াৰ কাৰণে, ভাৰতীয়ৰ কাৰণে, খিলঞ্জীয়াৰ কাৰণে অতি দৃঢ় পদক্ষেপ লৈছে আৰু তাৰ কাৰণে আমাক খিলঞ্জীয়া মানুহখিনিয়ে, অসমীয়া মানুহখিনিয়ে, ভাৰতীয় মানুহখিনিয়ে সদায় মৰম কৰিব, হৃদয়ত ৰাখিব ।”

আনহাতে, ভূপেন বৰাই দম্ভালি মাৰি এইবাৰ ৰাইজে বিজেপিক আঁকোৱালি নলয় বুলি কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক কটাক্ষ কৰি কয় যে ভূপেন বৰা ডাঙৰীয়াই যিমান যি কয় কওক, কৈয়ো লাভ নাই ।

ভূপেন বৰালৈ মন্ত্ৰী হাজৰীকাৰ শুকুৰবাৰে অনুৰোধ, ‘‘যেনে তেনে নিজে কিবা কৈ জিকি আহক ।’’ মন্ত্ৰীগৰাকীয়ে কয় যে বৰা ডাঙৰীয়াই আমাক হৰুওৱাৰ কথা চিন্তা কৰিব নালাগে, নিজে জিকাৰ কথা চিন্তা কৰক । নিজে MLA হোৱাৰ কথা চিন্তা কৰক । ভূপেন বৰাই বিজেপিক হৰুৱাব নোৱাৰে বা বিজেপি মিত্ৰশক্তিক হৰুৱাব নোৱাৰে ।

লগতে পঢ়ক:Pijush Hazarika: টিকট দিব নোৱাৰা বাবেই কংগ্ৰেছৰ বহু নেতা বিজেপিলৈ অহা নাই; মন্ত্রী পীযুষ হাজৰীকা

Last Updated : Sep 29, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details