গুৱাহাটী, ১৯ আগষ্ট :শুকুৰবাৰে কেবিনেট মৰ্যাদা সম্পন্ন পদ ত্যাগ কৰি ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰিছিল কেতবোৰ বিস্ফোৰক মন্তব্য । তাৰ ভিতৰত এক অভিযোগ আছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হৈছিল । তেঁৱেই নগাঁও লোকসভা সমষ্টিটো আজমলক গতাই দিয়াৰ ব্যৱস্থা কৰিলে । শনিবাৰে ৰাজেন গোহাঁইৰ এই বিশেষ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷
“ৰাজেন গোহাঁই ডাঙৰীয়াই মোক যথেষ্ট সহায় কৰিছে ৷ তাৰ বাবে মই কৃতজ্ঞ । কিন্তু ৰাজেন গোঁহাইয়ে এটা কথা কৈছে যে ড° হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পন্ন কৰিছে নাইবা নেতৃত্ব দিছে ৷ কিন্তু আমি সকলোৱে জানো যে ভাৰতৰ নিৰ্বাচন আয়োগেহে 'Delimitation' কাৰ্য সম্পন্ন কৰে ৷ কোনো ব্যক্তিৰ প্ৰভাৱ বা হস্তক্ষেপ ইয়াত নাথাকে ৷ ৰাজেন গোহাঁই ডাঙৰীয়া এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছিল। ৪ বাৰৰ সাংসদ আছিল । তেখেতে কি ভাবি এইটো ক’লে তেখেতেহে জানিব ৷ ”এই মন্তব্য কৰে মন্ত্ৰী হাজৰীকাৰ ৷
এই প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে কয়, “যদিহে ৰাজেন গোহাঁইয়ে কোৱাৰ দৰে সঁচাকৈয়ে হিমন্ত বিশ্ব শৰ্মাই এইটো কৰিছে তেন্তে তেওঁ অসমৰ জাতীয় জীৱনৰ মহানায়ক । কিয়নো ইয়াৰ ফলত অসমীয়াৰ হাতত ১০৪ টা সমষ্টি সংৰক্ষিত হৈ থাকিব ৷ কিন্তু মই জানো নিৰ্বাচন আয়োগেহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে ।”
হিমন্ত বিশ্ব শৰ্মাক জাতীয় মহানায়কৰ আখ্যা দি মন্ত্ৰী পীযুষ হাজৰীকাই আজমল-শ্বেৰমান আলীৰো প্ৰসংগ উত্থাপন কৰি কৰিলে মন্তব্য ৷ মন্ত্ৰী হাজৰীকাই ক’লে, “আজমল, শ্বেৰমান আদিয়ে কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণে মুছলমানক শেষ কৰি দিলে ৷ শ্বেৰমানে কৈছে যে মুছলমানে ৰাজনীতি কৰা বাদ দিব লাগে ৷ মুছলমানে পঢ়িব লাগে আৰু ব্যৱসায় কৰিব লাগে । গতিকে ৰাজেন গোহাঁইয়ে কোৱাৰ দৰে যদি সঁচাকৈয়ে হিমন্ত বিশ্ব শৰ্মাই কৰিছে তেন্তে হিমন্ত বিশ্ব শৰ্মা অসমৰ জাতীয় জীৱনৰ মহানায়ক।”
Pijush Hazarika: ড° হিমন্ত বিশ্ব শৰ্মাক ‘জাতীয় জীৱনৰ মহানায়ক’ আখ্যা পীযুষ হাজৰীকাৰ
“ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ জাতীয় জীৱনৰ মহানায়ক ।” শেহতীয়াভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত বিজেপিৰ ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এই মন্তব্যৰে মন্ত্ৰী পীযুষ হাজৰীকাই অসমৰ জাতীয় জীৱনৰ মহানায়ক আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীক ।
Pijush Hazarika
এক কথাত ক্ষমতাৰ কচৰৎ কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিদ্ৰোহী হৈ পৰা ৰাজেন গোহাঁইক প্ৰত্যুত্তৰ দিবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰীকাই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলালে ৷ আগবঢ়ালে জাতীয় মহানায়কৰ খিতাপ ৷
লগতে পঢ়ক:Rajen Gohain upset : 2 ঘণ্টা অপেক্ষা কৰাৰ পিচতো মুখ্যমন্ত্ৰীয়ে লগ নকৰাৰ অভিযোগ ৰাজেন গোঁহাইৰ