গুৱাহাটী,২৪ আগষ্ট: সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকৰ ব্যৱস্থাপনাত আয়োজিত বিভাগীয় নিৰ্বাচিত কৰ্মচাৰীসকলৰ এক বিশেষ এদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত অংশ লয় ।
উল্লেখ্য যে বিগত সময়ত 'প্ৰি-মেট্ৰিক' আৰু 'প'ষ্ট-মেট্ৰিক' এই দুটা শাখাত ভাৰত চৰকাৰে আগবঢ়াই অহা জলপানিৰ ক্ষেত্রত আবেদনৰ সংখ্যাৰ ফালৰ পৰা অসম যথেষ্ট পিছ পৰি আছিল । সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছতে মন্ত্ৰী পীযুষ হাজৰীকাৰ এই বিষয়টো দৃষ্টিগোচৰ হৈছিল আৰু বিভাগক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছিল ।
বিভাগীয় পৰ্যালোচনাত মন্ত্ৰী হাজৰীকাই উপলব্ধি কৰিছিল যে কাৰীকৰি সমস্যাৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় প'ৰ্টেলত জলপানিৰ বাবে আবেদন কৰিবলৈ সক্ষম নহয় । এই অসুবিধা দূৰ কৰিবৰ বাবে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় কাৰীকৰি সহায় কৰিবলৈ বিভাগীয়ভাৱে একাংশ কৰ্মচাৰীক 'ফেচিলিটেতৰ' হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল ।
আজি এইসকল কৰ্মচাৰীক বিভাগীয়ভাৱে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয় । মন্ত্ৰী পীযুষ হাজৰীকাই কৰ্মশালাৰ আৰম্ভণিত উপস্থিত থাকি কৰ্মচাৰীসকলক উদ্দেশ্যি কয় যে আমাৰ ৰাজ্যৰ অনুসূচিত জাতি, জনজাতি আৰু অনান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মুঠ সংখ্যাৰ বহু কম সংখ্যকেহে ৰাষ্ট্ৰীয় প'ৰ্টেলত জলপানিৰ বাবে আবেদন কৰে ।