গুৱাহাটী, ৩০ আগষ্ট: সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই(Minister Pijush Hazarika) মঙলবাৰে জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ দিব্যাংগসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ নেতৃবৃন্দৰে এক বিশেষ আলোচনাত মিলিত হয় । সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত, সঞ্চালককে ধৰি শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰী হাজৰিকাই সংগঠনৰ নেতৃত্বৰ পৰা ৰাজ্যখনৰ দিব্যাংগসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয় (Pijush Hazarika meets Divyangjan leaders) ।
ৰাজ্য চৰকাৰৰ চাকৰিত দিব্যাংগসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সংগঠনৰ ফালৰ পৰা মন্ত্ৰীগৰাকীক আহ্বান জনোৱাত তেঁও সকলো বিভাগতে দিব্যাংগসকলে সাংবিধানিক সংৰক্ষণৰ সুবিধা নিশ্চিত ৰূপত লাভ কৰিব বুলি উল্লেখ কৰে (Reservations for Divyangjan)। আনহাতে চৰকাৰী চাকৰিৰ আবেদনৰ মাচুল ৰেহাই দিয়া আৰু পৰীক্ষাত দৃষ্টিহীনসকলৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আজিৰ আলোচনাতে বিভাগীয় বিষয়াৰে আলোচনা কৰে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে ।
প্ৰতিনিধিসকলে গুৱাহাটীত দিব্যাংগসকলৰ বাবে জিৰণি ঘৰ আৰু লুইছ ব্ৰেইলীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ জনায় (Louis Braille statue in Assam)। লুইছ ব্ৰেইলীৰ প্ৰতিমূৰ্তি স্থাপনত মন্ত্ৰী হাজৰিকাই সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰি দিব্যাংগসকলৰ বাবে জিৰণি ঘৰৰ বিষয়টো পৰৱৰ্তী সময়ত বিবেচনা কৰা হ'ব বুলি প্ৰকাশ কৰে ।