গুৱাহাটী, ১০ অক্টোবৰ : এইবাৰ কংগ্ৰেছ নেতা তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই ৷ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰূদ্ধে কামৰূপ মুখ্য ন্যায়িক দণ্ডাদীশৰ আদালতত এই গোচৰ তৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ১০ কোটি টকাৰ মানহানিৰ গোচৰটোৰ নম্বৰ- 634/2023 ৷ কংগ্ৰেছ নেতাগৰাকীয়ে মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে কেতবোৰ ভিত্তিহীন তথা আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ বাবে এই গোচৰ ৰুজু কৰে বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি মন্ত্ৰী পীযুষ হাজৰীকা আৰু কংগ্ৰেছৰ নেতা কমলাক্ষ দে’ পুৰকায়স্থৰ মাজত তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ চলি আহিছিল ৷ তাৰ মাজতে কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে চাহ বাগিচা ক্ৰয়ক লৈ চি এম ভিজিলেন্সৰো অভিযান চলিছিল ৷ তেতিয়াই মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে পূৰ্বতকৈয়ো অধিক আক্ৰমণাত্মক হৈ পৰিছিল কংগ্ৰেছ বিধায়কজন । ২৮ ছেপ্তেম্বৰত নলবাৰীত কমলাক্ষ দে’ পুৰকায়স্থই মন্ত্ৰী পীযুষ হাজৰীকা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছিল, ‘‘অসম এতিয়া ছিণ্ডিকেটৰ স্বৰ্গৰাজ্যত পৰিণত হৈছে ৷ অসমত ছিণ্ডিকেট বিধায়ক বুলি ক’লে সকলোৱে পীযুষ হাজৰীকা বুলিয়েই চিনি পায় ৷’’