অসম

assam

ETV Bharat / state

সামাজিক ন্যায় বিভাগৰ কৰ্মশালাত মন্ত্ৰী পিয়ুষ হাজৰিকা - সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ

বেলতলাত দুদিনীয়াকৈ অনুষ্ঠিত "Enhancing Life Quality and Productive Aging" শীৰ্ষক কৰ্মশালা ৷ কৰ্মশালাখনী উদ্বোধন কৰে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika)।

Piyush Hazarika at Social Justice Department workshop in Guwahati
সামাজিক ন্যায় বিভাগৰ কৰ্মশালাত মন্ত্ৰী পিয়ুষ হাজৰিকা

By

Published : Sep 8, 2022, 10:20 PM IST

গুৱাহাটী, 8 ছেপ্টম্বৰ:সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ অৰ্থে গুৱাহাটীৰ বেলতলাত দুদিনীয়াকৈ "Enhancing Life Quality and Productive Aging" শীৰ্ষক কৰ্মশালাৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে । কৰ্মশালাখনী উদ্বোধন কৰে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika) ।

আনহাতে এই কৰ্মশালাত অংশগ্ৰহণ কৰি সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় - "জ্যেষ্ঠ নাগৰিকসকলক মোৰ শ্ৰদ্ধা, সেৱা জনোৱাৰ লগতে তেওলোকৰ সু-স্বাস্থ্য কামনা কৰিছো ।" লগতে মন্ত্ৰীগৰাকীয়ে এই ৰাজ্যৰ নতুন প্ৰজন্মক সদায়েই পিতৃ-মাতৃ, অভিভাৱক তথা জ্যেষ্ঠজনৰ ত্যাগ, কষ্ট সন্মান জনাবলৈ আহ্বান জনায় । তেওঁ কয় যে যিসকলে নিজৰ পিতৃ-মাতৃ সেৱা নকৰে তাৰ সমান মহাপাপী এই পৃথিৱীত নাই (Social Justice Department workshop)।

সামাজিক ন্যায় বিভাগৰ কৰ্মশালাত মন্ত্ৰী পিয়ুষ হাজৰিকা

লগতে কয় যে, পিতৃ-মাতৃৰ লগতে জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা-ভক্তি থাকিব লাগিব । পিতৃ-মাতৃক কেতিয়াও বৃদ্ধাশ্ৰম পঠাব নালাগে । সেয়া অতি পাপৰ কাম । কৰ্মশালাৰ জৰিয়তে এইবোৰ কথা অনুধাৱন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

অনুষ্ঠানটোত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ অধ্যক্ষ ড৹ প্ৰদীপ ঠাকুৰীয়া, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অতিৰিক্ত সচিব ফজলুল হক চৌধুৰী আৰু সঞ্চালক কিশোৰ ঠাকুৰীয়া তথা আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক:জোনাইত গাইড শিক্ষক প্ৰশিক্ষণ কৰ্মশালা

ABOUT THE AUTHOR

...view details