গুৱাহাটী,24 ফেব্ৰুৱাৰী:বিগত পাঁচটা বছৰৰ কাৰ্যকালৰ অভিজ্ঞতা লৈ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত মিলিত হ'ল বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ নিজ দায়িত্বত থকা বিভাগৰ কামৰ খতিয়ান দাঙি ধৰাৰ লগতে পাঁচটা বছৰৰ অভিজ্ঞতা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
মঙলবাৰে অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে আবকাৰীত যিমান উৎপাদন হয়, প্ৰকৃত অৰ্থত নিয়ন্ত্ৰিত উপায়েৰে ৰাইজৰ ওচৰলৈ নিব পৰা নাছিলো বুলি মন্তব্য কৰি বিজেপি চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত মৃত্যুৰ হাৰ হ্ৰাস পোৱা বুলি দাবী কৰে ৷ সুৰাৰ অবৈধ বেহাৰ সন্দৰ্ভতো মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, "অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী-আবকাৰী বিভাগৰ সহযোগত চেকিঙৰ ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে নিৰ্বাচন আয়োগৰ নির্দেশমৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ব্যৱস্থা আৰম্ভ কৰা হৈছে ৷ অবৈধ চুলাই মদ আজিও সম্পূৰ্ণকৈ বন্ধ কৰিব পৰা নাই ৷ ক'ভিড-19 ভাইৰাছৰ সময়ত মদৰ ওপৰত অতিৰিক্ত 25% কৰ লগোৱা হৈছিল ৷ কৰ হ্ৰাস কৰাতো কোনো নির্বাচনকেন্দ্ৰিক বিষয় নহয় ৷ অৰুণাচল-মেঘালয়ৰ সুৰা দুই নম্বৰী নহয়, কিন্তু অসমৰ কৰ ক্ষতি হয়" ৷