গুৱাহাটী, 17 জুলাই : ৰাজ্যৰ বিভিন্ন বিভাগত মন্ত্ৰীসকলৰ ছাজেন ভিজিট (IWT minister Parimal Shuklabaidya sudden visit)৷ বিগত কিছুদিন ধৰি নিশা হ'লেই বিভাগসমূহৰ প্ৰকৃত ৰূপ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মন্ত্ৰী-আমোলা ৷ শনিবাৰে নিশা ISBT ত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে ছাডেন ভিজিট কৰে ৷
তেওঁ সংবাদমাধ্যমৰ আগত কয়, "ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে হ'বলগীয়া এটা প্ৰশিক্ষণৰ বাবে ৰেডিশ্বন ব্লুলৈ আহিছিলো ৷ তেতিয়াই ভাবিলো আই এছ বি টিৰ নিশাৰ পৰিৱেশটো চাই যাওঁ ৷ ইয়াৰ পৰিৱেশ চাই মই আই এছ বি টিৰ বিভাগৰ লগত কথা পতাটো জৰুৰী বুলি ভাবিলোঁ (Minister Parimal Shuklabaidya paid a sudden visit to ISBT)৷ আগন্তুক দুদিনৰ ভিতৰত মই বিভাগৰ লগত কথা পাতিম ৷ ইয়াত নিৰাপত্তাৰ কাৰণে থকা আই এছ বি টি আউটপোষ্টত এজনো লোক নাই ৷ খালী চকীসমূহ পৰি আছে ৷ যিহেতু ইয়াত নিশাৰ ভাগত পুৰুষ যাত্ৰীতকৈ মহিলাৰ যাত্ৰীৰ সংখ্যা কম সেইবাবে নিৰাপত্তা কটকটীয়া নহ'লে মহিলাসকল আতংকিত হোৱাটো স্বাভাৱিক’’ ৷
তেওঁ আৰু কয়, ‘‘আই এছ বি টিত কোনো যাত্ৰী বহিবলৈ ঠাইখন পৰিস্কাৰ-পৰিচ্ছন্ন হ'ব লাগে ৷ আমি ইয়াৰ ওপৰত থকা হোটেলসমূহো পৰ্যবেক্ষণ কৰিম ৷ আই এছ বি টিত বৰ্তমান কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ নিশা কাউণ্টাৰত যিমান মানুহ থাকিব লাগে সিমান মানুহ নাই ৷ ASTC ৰ কাউণ্টাৰত থকা প্ৰস্ৰাৱগাৰসমূহো নিশা তলা মাৰি থৈছে ফলত যাত্ৰীসকলে প্ৰস্ৰাৱ কৰিবলৈ ক'লৈ যাব ৷ আমি নিশাৰ পৰিৱেশৰ লগতে দিনৰ পৰিৱেশো চাবলৈ আহি ৰাইজৰ বাবে ষিসমূহ সুবিধা উপলব্ধ হৈ থকা নাই সকলোবোৰ ব্যৱস্থা কৰি দিম" ৷
আই এছ বিটিত থকা সকলো আসোঁৱাহ দূৰ হ'ব বুলি জনায় সংবাদমাধ্যমৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, নতুনকৈ পৰিবহন বিভাগৰ দায়িত্ব লোৱাৰ পিছতে মন্ত্ৰী পৰিমল শুক্লবদ্যই হঠাৎ পৰিবহণ বিভাগৰ কাৰ্যালয়, মহানগৰীৰ ফেৰী ঘাট আৰু আভ্যন্তৰিণ জল পৰিবহণৰ কাৰ্যালয়ত হঠাৎ উপস্থিত হৈ কাম-কাজৰ বুজ লোৱা দেখা গৈছে ।