গুৱাহাটী, 14 ফেব্ৰুৱাৰী:দুদিনীয়া ভ্ৰমণসূচী লৈ দেওবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হৈছেহি কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ আৰু ভাৰতস্থ জাপানৰ ৰাষ্ট্ৰদূত চাট'শ্বি চুজুকী ৷ বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ পাছতে দুয়োকে উষ্ম আদৰণি জনায় ৰাজ্যৰ উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
সোমবাৰে পুৱাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কামাখ্যা মন্দিৰত পূজা অৰ্চনা আগবঢ়াব । তাৰ পাছত পুৱা 9 বজাত গুৱাহাটীৰ খাৰঘুলিত চলি থকা জাপানী প্ৰকল্প জাইকাৰ কামকাজ দুয়ো পৰ্যালোচনা কৰিব ।