তিনিচুকীয়া,26 মাৰ্চঃ ৰাজ্য চৰকাৰৰ ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে বৃহস্পতিবাৰে গৃহ চহৰ তিনিচুকীয়াৰ লক ডাউনৰ পৰিস্থিতিৰ বুজ লয় ৷ চহৰখন পৰিভ্ৰমণ কৰি অযথা বাহিৰলৈ নোলাবলৈ ৰাইজক আহবান জনায় মন্ত্ৰীগৰাকীয়ে ৷ যিসকল লোকে আইন অমান্য কৰি বিনা কাৰণত বাহিৰলৈ ওলাই আহি জনসমাগম কৰিবলৈ চেষ্টা কৰে,সেইসকল লোকৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী কিষাণে ৷
লক ডাউনৰ বুজ ল’লে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে
অসম চৰকাৰৰ কেবাজনো মন্ত্ৰীয়ে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন স্থানত উপস্থিত হৈ লক ডাউনৰ বুজ লয় ৷ ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে গৃহ চহৰ তিনিচুকীয়া আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৱাহাটী মহানগৰীত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷
গুৱাহাটীঃকৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে গুৱাহাটীৰ বিভিন্ন স্থানত কৰা হৈছে ছেনিটাইজেছন । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি গুৱাহাটী পৌৰ নিগমে চলাই গৈছে মহানগৰীক বিজাণুমুক্ত কৰাৰ উদ্দেশ্যে এই কাম । বৃহস্পতিবাৰে মহানগৰীৰ চানমাৰী,গুৱাহাটী ক্লাব,শিলপুখুৰী আদি স্থানত কৰা হয় ছেনিটাইজ । ছেনিটাইজ কৰা স্থানসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । অধিক জনসমাগম হোৱা এলেকাসমূহ প্ৰথমে ছেনিটাইজ কৰা হৈছে বুলি জনায় মন্ত্ৰী গৰাকীয়ে । দেশৰ সংকটৰ সময়ছোৱাত ৰাইজক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় মন্ত্ৰী ভট্টাচাৰ্যয়ে । লক ডাউনৰ সময়ছোৱাত যদি কোনোৱে অত্যধিক মূল্যত সামগ্ৰী বিক্ৰী কৰে,তেন্তে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।
লগতে চাওকঃআৰ্তজনক সহায়ৰ হাত ৰাজ্যৰ বিভিন্নজনৰ